ডিব্ৰুগড়

বিগত এটা দশকত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত দেশৰ লগতে অসমৰো ক্ৰীড়াখণ্ড‌ৰ অভূতপূৰ্ব উন্নয়ন হৈছে: সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়ৰ বালিজান চাউথ খেলপথাৰত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল উপভোগ কৰে সৰ্বানন্দ সোণোৱালে

Asomiya Pratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়: ডিব্ৰুগড়ৰ নর্থ বালিজান চাহ বাগিচা চাহ জনগোষ্ঠী মর্চাৰ উদ্যোগত তথা দিনজান মণ্ডল চাহ জনগোষ্ঠী মৰ্চা আৰু বালিজানবাসী ৰাইজৰ সহযোগত আয়োজিত প্রাইজমানি ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলখন আজি উপভোগ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত বালিজান চাউথ খেলপথাৰত সমবেত হোৱা ৰাইজ তথা খেলুৱৈসকলৰ উৎসাহ দুগুণে বৃদ্ধি পায়। ইয়ং বয়জ এফচি আৰু বালিজান চাউথ এফচিৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হয়। সেই উপলক্ষে অনুষ্ঠানত ভাষণ দি সৰ্বানন্দ সোণোৱালে কয়, খেলত শিশু তথা যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ আমাৰ চৰকাৰে যথেষ্ট গুৰুত্ব দি আহিছে। বিগত দহটা বছৰত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াক্ষেত্ৰত চকুতলগা পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে।

লগতে কয়, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰ পৰাই অসমৰ ক্ৰীড়া জগতত উল্লেখযোগ্য সফলতাৰ সূচনা হৈছে। অসমত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্টৰ সফল আয়োজনে অসমক দেশৰ ক্ৰীড়া মানচিত্ৰৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে উজলাই তুলিছে। ৰাজ্যিক ক্ৰীড়া নীতিৰ প্ৰণয়ন আদিৰ দৰে অভিলাষী পদক্ষেপসমূহে জন্ম দিছে অসমত এজনৰ পাছত এজনকৈ আন্তঃৰাষ্ট্ৰীয় মানৰ খেলুৱৈ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ফুটবল অতিকৈ জনপ্ৰিয় খেল। ফুটবলৰ উৎসাহ ৰাইজৰ মাজত দুগুণে বৃদ্ধি কৰিবলৈ ম‌ই মুখ‍্যমন্ত্ৰী হৈ থকাৰ কালছোৱাত গুৱাহাটীত ১৭ বছৰ অনুৰ্ধৰ ফিফা বিশ্বকাপৰ খেল অনুষ্ঠিত হৈছিল।

আজি দেশৰ বিভিন্ন ফুটবল ক্লাবত আমাৰ খেলুৱৈসকলে উল্লেখনীয় সফলতা লাভ কৰিছে। ইয়াৰ বাবে আমাৰ চৰকাৰে হাতত লোৱা শক্তিশালী ক্ৰীড়া নীতিৰ অৰিহণাৰ কথা আমি উল্লেখ কৰিব‌ই লাগিব। অসম চৰকাৰে আয়োজন কৰা 'খেল মহাৰণ'ত খেলুৱৈসকলক উদগনি দিয়াৰ বাবেই আজি এই প্ৰাইজমানি প্ৰতিযোগিতাখন আয়োজন কৰা বুলি ম‌ই জানিবলৈ পাইছোঁ। আয়োজকৰ লগতে বালিজানবাসী ৰাইজ তাৰ বাবে কৃতজ্ঞতাৰ পাত্ৰ বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

আজিৰ খেল প্ৰতিযোগিতাখনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, অসম পেট্ৰ'-কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম ৰাজ্যিক হাউছিং ব'ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তিসকল।