ডিব্ৰুগড়

ডিব্ৰুগড়ত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ছয় - জাতীয় জনগোষ্ঠীৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড় : স্মাৰ্ট মিটাৰ বন্ধ আৰু থলুৱা বজাৰ নিৰ্মাণৰ দাবীত ডিব্ৰুগড়ত ছয় জাতীয়- জনগোষ্ঠীয় ঐক্যমঞ্চৰ তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে । চহৰখনৰ চৌকিডিঙ্গিস্থিত জিৰণি চ'ৰাত ঐক্য মঞ্চই কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে জাতীয় জনগোষ্ঠীৰ ঐক্য মঞ্চই চহৰৰ মাজমজিয়াত ২০ বিঘা মাটিত এখন থলুৱা বজাৰ নিৰ্মাণ কৰি থলুৱা নিৱনুৱাক সংস্থাপনৰ বাট মুকলি কৰিব লাগে বুলি চৰকাৰৰ ওচৰত দাবী তোলে। ছয় জাতীয় - জনগোষ্ঠীয় ঐক্য মঞ্চৰ এই দাবী প্ৰতি চৰকাৰে প্ৰদক্ষেপ গ্ৰহন নকৰিলে আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত চৰকাৰৰ বিপক্ষে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে ।