ডিব্ৰুগড়

ডিব্ৰুগড়ত মাখিৰ উপদ্ৰৱঃ গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ পৰা উদ্ভৱ ভয়ংকৰ পৰিৱেশ

Asomiya Pratidin

ডিজিটেল সংবাদ, বৰবৰুৱাঃ ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল লেকাই ঠাকুৰথানত ভয়ংকৰ পৰিৱেশ। মাখিৰ উপদ্ৰৱত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। লেকাই ঠাকুৰথানত চৰকাৰৰ উদ্যোগত দুবছৰৰ পূৰ্বে আৰম্ভ হোৱা গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ পৰা উদ্ভৱ হোৱা অত্যাধিক মাখিৰ ফলত এতিয়া সৰ্বস্বান্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।

দিন-দুপৰতে আঁঠুৱা পাৰি নিজৰ খাদ্যাভাস গ্ৰহণ কৰিবলগীয়া অৱস্থা হৈছে লেকাই থাকুৰঠানৰ বাসীৰ। দিন-ৰাতি, সকলো সময়তে শুব নোৱাৰা অৱস্থা সৃষ্টি হৈছে লেকাই ঠাকুৰথানত। মাছৰ বজাৰ, ফলমূলৰ বজাৰ আদিতো অত্যাধিক মাখিৰ ফলত এতিয়া খুচুৰা ব্যৱসায়ীসকল মূৰে কঁপালে হাত দিবলগীয়া হৈছে। মাখি ফলত গ্ৰাহকে খোৱা সামগ্ৰীও ক্ৰয় কৰিবলৈ বজাৰলৈ অহা বাদ দিছে।

বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। চৰকাৰী প্ৰকল্পটো বহি:ৰাজ্য এটি ব্যৱসায়ীক কোম্পানীক প্ৰশাসনে হস্তান্তৰ কৰা ফলতেই এতিয়া কোম্পানীটোৱে গোটা আৱৰ্জনাসমূহ নিস্কাশনৰ পৰিৱৰ্ত্তে দৈনিক জাৱৰৰ দমসমূহ প্ৰকল্পটোৰ ভিতৰত সংগ্ৰহ কৰি থোৱা বাবেই এনেদৰে অত্যাধিক মাখিৰ উপদ্ৰৱ হৈছে বুলি অঞ্চলটোৰ স্থানীয় জনসাধাৰণে অভিযোগ কৰিছে।

কমিছনৰ অংকত একাংশ ঠলুৱা ঠিকাদাৰও এই কাৰ্যত সংপৃক্ত হৈ থকা বাবে এই সমস্যাই এতিয়া অঞ্চলটোত যথেষ্ট বৃদ্ধি পাইছে। মাখি নিৰাময় ব্যৱস্থা কৰা বাবে অঞ্চলটোৰ ৰাইজে ঠিকাদাৰ প্ৰতিষ্ঠানৰ লগতে জিলা প্ৰশাসনক দাবী জনাই অহা পিছতো এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।