আজিৰে পৰা ইতিহাস হ'ব ডিব্ৰুগড়ৰ ঐতিহাসিক কলৰোড... 
ডিব্ৰুগড়

আজিৰে পৰা ইতিহাস হ'ব ডিব্ৰুগড়ৰ ঐতিহাসিক কলৰোড...

Asomiya Pratidin

ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ আজিৰে পৰা ইতিহাস হ'ল ডিব্ৰুগড় চহৰৰ ঐতিহাসিক কলৰোড। বিশিষ্ট সমাজকৰ্মী জয়ন্ত দত্তৰ সোঁৱৰণত "জয়ন্ত দত্ত পথ" হিচাপে নামাকৰণ কৰা হ'ব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নামফলক শুভ উন্মোচনৰ যোগেদি পথটো উৎসৰ্গিত হ'ব প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ এইপথছোৱা। উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ২০০১ চনত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আছিল জয়ন্ত দত্ত।

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আততায়ীৰ গুলীত নিহত হৈছিল বিজেপিৰ হৈ অহোপুৰুষাৰ্থ কৰা এইগৰাকী শক্তিশালী প্ৰাৰ্থী। জয়ন্ত দত্তৰ সৈতে নিহত হৈছিল আন দুজন লোকো।