ডিব্ৰুগড়

নামৰূপত দেৱ মন্দিৰত চোৰে চলালে চাফাই অভিযান...

Asomiya Pratidin

ডিজিটেল সংবাদ নামৰূপঃ বিগত কিছু দিনৰ পৰা নামৰূপ আৰু ইয়াৰ পাৰ্শ্বৱতী অঞ্চলত চোৰৰ উপদ্ৰপ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। চোৰৰ উৎপাতত ৰাইজে দিনৰভাগটো ঘৰ এৰি খন্তেকৰ বাবেও যাব নোৱাৰা হৈছে । 

বৃহস্পতিবাৰে নিশা নামৰূপ আৰক্ষী থানাৰ পৰা নাতি দূৰৈত থকা দেৱ মন্দিৰৰ প্ৰাংগণত থকা চাৰিটি মন্দিৰতে চোৰে দুষ্কাৰ্য সমাপন কৰে। প্ৰাংগণত থকা শিৱ মন্দিৰত প্ৰতিষ্ঠিত পিতলৰ শিৱ মূৰ্তি, দুৰ্গা মন্দিৰৰ দেৱী প্ৰতিমাই ধাৰণ কৰা নাক আৰু ডিঙিৰ গহনা, মন্দিৰসমূহত থকা তাম, পিতলৰ বাচন, ছটা মন্দিৰৰ দান পাত্রসমূহৰ তলা ভাঙি ভক্তসকলে উচৰ্গা কৰা দক্ষিনাৰ ধন লুটি নিয়ে। 

লক্ষণীয় যে বিগত বছৰৰ অক্টোবৰ মাহৰ পৰা চোৰে তিনিবাৰ মন্দিৰত লুটপাত চলাইছে। হিন্দুসকলৰ উপাসনাৰ স্থান ঐতিহাসিক দেৱ মন্দিৰত প্ৰতিষ্ঠা কালৰ পৰা   এনে দুষ্কাৰ্য সংঘটিত হোৱা নাছিল।  

গুৰুত্বপূৰ্ণ যে নামৰূপত ক্ৰমাৎ চোৰৰ উপদ্ৰপ বৃদ্ধি পাইছে। তদুপৰি মন্দিৰত স্থাপিত   বিগ্রহ চুৰি কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে নামৰূপৰ ভক্ত প্ৰাণ ৰাইজে।