প্ৰতীকি ফটো 
ডিব্ৰুগড়

মাকৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি দুই জ্য়েষ্ঠ-কনিষ্ঠ ভাতৃৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডিব্রুগড়ৰ মোহনঘাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।ব্রহ্মপুত্রত সন্ধানহীন দুজন যুৱক। বুধবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন আমোলাপট্টিৰ দিগন্ত কাকতি আৰু অনন্ত কাকতি।

দুয়োজন ককায়েক-ভায়েক বুলি জানিব পৰা গৈছে। মাকৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয় দুই যুৱক।

উল্লেখ্য যে, যিটো ঘাটত পিণ্ড দিবলৈ গৈছিল সেই ঘাটৰ পানী গভীৰ আছিল। প্ৰথমে ভাতৃয়ে পিণ্ড দিবলৈ গৈছিল আৰু তেতিয়াই তেওঁ পিছলি নদীত পৰে। ভাতৃক বচাবলৈ গৈ নদীত পৰে জ্যেষ্ঠ ভাতৃও।

জানিব পৰা মতে আজি দুয়োৰে মাতৃৰ ছয়মহীয়া মৃত্যু দিন আছিল। সেই উপলক্ষ্যে ঘৰত শ্ৰাদ্ধৰ আয়োজন কৰিছিল তেওঁলোকে। শ্ৰাদ্ধ শেষ হোৱাৰ পাছত দুয়ো পিণ্ড দিবলৈ নদীলৈ আহিছিল।

ঘটনাস্থলীত এছডিআৰএ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে সন্ধান পোৱা নাই দুই ভাতৃৰ।