ডিব্ৰুগড়

চাবুৱাৰ টকোবাম গাঁৱত চুলাই ভাটি উচ্ছেদ মহিলাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চাবুৱাঃ বিলাতী সুৰাৰ দাম বৃদ্ধিৰ লগে লগেই গাঁও সমূহত বৃদ্ধি পাইছে চুলাই মদৰ চাহিদা । দিন-হাজিৰা কৰি ঘৰখন পোহপাল দি থকা দৰিদ্ৰ লোকসকলে বিলাতী সুৰাৰ দাম বৃদ্ধি হোৱাৰ লগে লগেই এতিয়া চুলাই মদ খোৱাৰ প্ৰচলন ব্যাপক হাৰত বৃদ্ধি পাইছে ।

যাৰ ফলত নিশা হ'লেই বহু পৰিয়ালত বৃদ্ধি পাব ধৰিছে পতি-পত্নীৰ মাজত কাজিয়া । তেনে সময়তেই চাবুৱাৰ টকোবাম আৰু নপাম গাঁৱৰ শতাধিক মহিলাই গাঁও দুখনত থকা মদৰ ভাটিসমূহ উচ্ছেদ অভিযান আৰম্ভ কৰিছে । লগতে মহিলাই নিজৰ ঘৰখনৰ স্বাৰ্থত মদৰ ভাটি উচ্ছেদ কৰিছে তেনে সময়তেই মদৰ ভাটিৰ পৰা আৰক্ষীয়ে কমিচন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।