ডিব্ৰুগড়

জকাইত মানুহ-বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাত সন্দৰ্ভত কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বৰবৰুৱাঃ ডিব্ৰুগড় বন সংমণ্ডলে অতিক্ৰম কৰিলে শতবর্ষ। এই শতবৰ্ষৰ লগত সংগতি ৰাখি জকাই উদ্ভিদ উদ্যানত এখনি মানুহ বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাত পৰিচালনা আৰু প্ৰত্যাহ্বানৰ বিষয়ে কৰ্মশালা অনুষ্ঠিত কৰে।

এই কৰ্মশালাত অংশগ্ৰহণ কৰে ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকৰণ বিষয়া, উপ বন সংমণ্ডল বিষয়া, সহকাৰী বন সংমণ্ডল বিষয়াৰ লগতে, আঞ্চলিক বন বিষয়াসকলৰ লগতে জকাই, তেলপানী, মধুপুৰ আদি বনাঞ্চলৰ খণ্ড বন বিষয়াসকল।

প্ৰায় ১৮৩৪ হেক্টৰ আগুৰি থকা জকাই বনাঞ্চল বা সমগ্ৰ ডিব্ৰুগড় জিলাত থকা নাহৰফুটুকীসমূহ কেনেদৰে সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকৰণ বিষয়াই। তাৰোপৰি সৰ্পবিশেষজ্ঞ তথা প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক টিকেন্দ্ৰজিত গগৈয়ে বনকৰ্মীসকলৰ মাজত সাপ আৰু মানুহৰ সংঘাত আৰু লবলগীয়া সাৱধানতা সমূহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।