ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাহিত্য মহোৎসৱঃ ১৪ দেশৰ লেখক,সাহিত্যিকৰ অংশগ্ৰহণ... 
ডিব্ৰুগড়

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাহিত্য মহোৎসৱঃ ১৪ দেশৰ লেখক,সাহিত্যিকৰ অংশগ্ৰহণ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনাঃ দেশ বিদেশৰ বৰেণ্য লেখক-সাহিত্যিকৰ সমাবেশত উখল-মাখল‍ উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ। আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সাহিত্য মহোৎসৱত অংশগ্ৰহণ কৰিছে ৮৫ গৰাকী দেশী-বিদেশী লেখক-সাহিত্যিকে।

১৪ দেশৰ ৮৫জন লেখক,সাহিত্যিক, সাংবাদিকৰ উপস্থিতিত প্ৰাণ পাই উঠিছে শৈক্ষিক প্ৰাণকেন্দ্ৰখনে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু গুৱাহাটীস্থিত সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান 'ফ'কেল'ৰ (Focal) সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সাহিত্য মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট লেখক সাহিত্যিক গোৱাৰ দামোদৰ মাউজৌয়ে।

আনহাতে সন্মানীয় অতিথি হিচাপে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই আদৰণি ভাষণ জনাই মুঠ ৩৫ টা সাহিত্য বিষয়ক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি কোৱাৰ লগতে দেশ-বিদেশৰ প্ৰথিতযশা সাহিত্যিক- লেখকসকলৰ সৈতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্বৰ বিশাল সাহিত্য আৰু বৌদ্ধিকতাৰ সৈতে পোনপতীয়াকৈ সেতু বন্ধনৰ এক সুযোগ লাভ কৰাৰ সুবিধা পাইছে বুলি কয়।

আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত কম্বোডিয়া, চীন, নেপাল, চিংগাপুৰ, ইউক্ৰেইন, শ্ৰীলংকা, অষ্ট্ৰেলিয়াসহ মুঠ ১৪খন দেশৰ ৮৫ জন প্ৰথিতযশা সাহিত্যিক লেখক উপস্থিত থাকি ৩৫ টা সাহিত্য বিষয়ক আলোচনাত অংশগ্ৰহণ কৰিব। দেশ-বিদেশৰ বৰেণ্য স্বনামধন্য লেখক সাহিত্যিকৰ সান্নিধ্যত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ঠ উপকৃত হোৱাৰ উপৰিও ভৱিষ্যতৰ দিনত ভাষা-সাহিত্যৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত উপকৃত হ'ব বুলি আশা কৰা হৈছে।