ডিব্ৰুগড়

বুঢ়ীদিহিঙত জাপ দি কিশোৰৰ আত্মহত্যা...

Asomiya Pratidin

প্ৰতিদিন সংবাদ, টেঙাখাতঃ টেঙাখাত আৰক্ষী থানা অধীনৰ তেলপানী দিহিংহোলাৰ এজন কিশোৰে নদীত পৰি আত্মহত্যা কৰা এক ঘটনাই অঞ্চলটোত শোকাকুল পৰিবেশে বিৰাজ কৰিছে । উল্লেখ্য যে, তেলপানী দিহিংহোলা গাওঁনিবাসী ৰাজু ঠাকুৰীৰ ১৮ বছৰীয়া পুত্ৰ মোহিত ঠাকুৰীয়ে যোৱা ২৮ মাৰ্চৰ সন্ধিয়া প্ৰায় ৬-৩০ বজাত অজানিত কাৰণত ঘৰৰ পৰা ওলাই গৈ কাষৰীয়া বুঢ়ীদিহিং নদীত জঁপিয়াই দিয়ে ।

উক্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শী তথা স্থানীয় ৰাইজ আৰু পৰিয়ালৰ্গই ইয়াৰ পৰৱৰ্তী সময়ত তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় ।

ইফালে ঘটনাৰ সম্পৰ্কে টেঙাখাত আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী দল ঘটনাস্থলিত উপস্থিত হৈ উদ্ধাৰৰ কোনো শুংসূত্ৰ লাভ নকৰিলে ।

অন্যহাতে টেঙাখাত আৰক্ষী থানাৰ তৎপৰতাত বুধবাৰে পুৱা ডিব্ৰুগড়স্থ এচ ডি আৰ এফৰ উদ্ধাৰকাৰী ডুবাৰু বাহিনীৰ দল ঘটনাস্থলিত উপস্থিত হৈ বুঢ়ীদিহিং নদীত অভিযান চলাই । উদ্ধাৰকাৰী দলটোৱে ঘটনা সংঘটিত হোৱা স্থানৰ অলপ দূৰত মোহিত ঠাকুৰীৰ মৃতদেহ উদ্ধাৰ কৰে ।

পৰৱৰ্তী সময়ত টেঙাখাত আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া ৰাহুল পেগুৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে মৃতদেহ চমজি লৈ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । স্মৰ্তব্য যে , মোহিতে কিয় আত্মহত্যাৰ পথ বাচি ললে এই লৈ অঞ্চলটোত চৰ্চিত বিষয় হৈ পৰিছে ।