অসম

বিশিষ্ট অভিনেতা-লেখক-ৰাজনীতিবিদ দিলীপ কুমাৰ হাজৰিকা আৰু নাই

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশিষ্ট অভিনেতা তথা চিত্ৰ সমালোচক, প্ৰবীন ৰাজনীতিবিদ দিলীপ কুমাৰ হাজৰিকা আৰু নাই। বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ থকা বিশিষ্ট অভিনেতাগৰাকীয়ে বৃহস্পতিবাৰে নিশা ৮.৩১ বজাত সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰে।

গুৱাহাটী উজান বজাৰৰ পুৰণি বাসিন্দা দিলীপ কুমাৰ হাজৰিকাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৯ বছৰ। 'মণিৰাম দেৱান' চলচ্চিত্ৰত পিয়লি বৰুৱাৰ চৰিত্ৰত বলিষ্ঠ অভিনয় কৰি সহস্ৰজনৰ বুকুৰ আপোন হৈ পৰা প্ৰবীণ অভিনেতাগৰাকীয়ে মৃত্যুৰ সময়ত দুই পুত্র-কন্যাৰ লগতে বহু আত্মীয়-স্বজন তথা অসংখ্য গুণমুগ্ধ শুভাকাংক্ষীক এৰি থৈ যায়।

এইগৰাকী লেখক-অভিনেতা-ৰাজনীতিবিদৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে গুণমুগ্ধসকল। দিলীপ কুমাৰ হাজৰিকাৰ মৃত্যুত ৰাজ্যৰ সাহিত্য ৰাজনৈতিক ক্ষেত্ৰতো গভীৰ শোকৰ ছাঁ পৰিছে।

'মণিৰাম দেৱান' চলচ্চিত্ৰখনত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ‘বুকু হম হম কৰে’ শীর্ষক কালজয়ী গীতটোত দিলীপ কুমাৰ হাজৰিকাই ওঁঠ মিলাইছিল। ইয়াৰ উপৰি তেওঁ বিভিন্ন নাট্য মঞ্চত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। হাজৰিকা এগৰাকী সুদক্ষ নাট পৰিচালকো আছিল।

১৯৫০ চনৰ পৰা এই শতিকাৰ প্ৰথমটো দশকলৈকে তেওঁ উজানবজাৰৰ ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ সৈতে ওতপ্রোতভাৱে জড়িত আছিল। অসমত নাট্য আন্দোলনত যথেষ্ট অৱদান আগবঢ়োৱা এইগৰাকী অভিনেতাই সদায় সুস্থ সংস্কৃতিৰ পোষকতা কৰিছিল। সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ সৈতে এসময়ত প্ৰায় মঞ্চতে দেখা গৈছিল দিলীপ কুমাৰ হাজৰিকাক।

তেওঁ ‘অফুৰন্ত কথাবোৰ’, ‘সোমাই পৰিছো সময়ৰ সুৰংগত’, ‘কতনো দেখিলো কতনো শুনিলো' আদি গ্ৰন্থৰে পাঠকৰ হৃদয় জিনিছিল। এই মহান ব্যক্তিগৰাকীৰ বিয়োগত এতিয়া ৰাজ্যত শোকৰ ছা পৰিছে।