অসম

নিজ ৱাৰ্ডত দলীয় পতাকা উত্তোলন দিলীপ শইকীয়াৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈঃ আজিৰে পৰা দৰং-ওদালগুৰি সমষ্টিৰ প্ৰতিঘৰ কাৰ্য্যকৰ্তাৰ ঘৰত উৰিল বিজেপিৰ পতাকা ৷ প্ৰতিজন হিতাধিকাৰীৰ ঘৰলৈ গ'ল বিজেপিৰ কাৰ্যকৰ্তা ৷

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে দৰং-ওদালগুৰি সমষ্টিৰ বুথ কমিটিসমূহ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হয় ৷ সমষ্টিৰ প্ৰতি বুথ কমিতিৰ সভাপতি আৰু কাৰ্যকৰ্তাৰ ঘৰত দলীয় পতাকা উত্তোলন কৰি প্ৰতিঘৰ ভোটাৰৰ ঘৰৰ লগতে প্ৰতিজন হিতাধিকাৰীৰ ঘৰলৈ গ'ল বিজেপিৰ কাৰ্যকৰ্তা ৷

দৰং ওদালগুৰি লোক সভা সমষ্টিত একেলগে ২৬২২ খন বিজেপি দলীয় পতাকা উত্তোলন কৰা হ'ল। প্ৰতিটো বুথৰ সভাপতিৰ ঘৰত উত্তোলন হ'ল বিজেপি দলৰ পতাকা। মঙলদৈত নিজা ৯ নং ৱাৰ্ডত বুথ সভাপতিৰ ঘৰত পতাকা উত্তোলন কৰে দিলীপ শইকীয়াই।