অসম

প্ৰয়াত থানেশ্বৰ বড়োৰ বাসগৃহত উপস্থিত সাংসদ দিলীপ শইকীয়া,মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ বৃহস্পতিবাৰে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ বাসগৃহত উপস্থিত হয় সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ ৰঙিয়াৰ গড়কাস্থিত বাসগৃহত উপস্থিত হৈ দুয়োগৰাকীয়ে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীৰ একমাত্ৰ কন্যা শশীপ্ৰভা বড়োৰ সৈতে বাৰ্তালাপ কৰি সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৱে গভীৰ শোক প্ৰকাশ কৰে। আজি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী লগত উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পালকে ধৰি অগপৰ কেন্দ্ৰীয় সম্পাদক অৰ্ণৱ ভৰালী আদি নেতৃবৃন্দ উপস্থিত থাকে ।