bjp  
অসম

হাতিখুলি সমষ্টিত নিৰ্বাচনী সংঘাত: বিজেপি কৰ্মীক আক্ৰমণৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ নিৰ্বাচনৰ পূৰ্বেই ডিমাহাচাও জিলাত হিংসাত্মক ঘটনা। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ডিমাহাচাও জিলাখনক সম্পূৰ্ণ শান্তিময় হৈছে বুলি দাবী কৰিছে এনে সময়ত জিলাখনত নিৰ্বাচনী সংঘাতৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে।

বৃহস্পতিবাৰে নিশা হাতিখুলি সমষ্টিত বিজেপিৰ কৰ্মীসকল শুই থকাৰ অৱস্থাতেই তেওঁলোকৰ ওপৰত নিৰ্দলীয় দলৰ কৰ্মী আৰু ডি .এছ .ডি ৰ পুৰণা সদস্যয়ে আক্ৰমণ কৰাৰ অভিযোগ কৰে হাতিখুলি সমষ্টিৰ বিজেপিৰ প্ৰাথী নিৰঞ্জন হোজাই। নিৰ্দলীয় কৰ্মীয়ে পুৰণা DSD সদস্যক লগত লৈ গাওঁৰ মানুহক ভয় ভাবুকি প্ৰদান কৰাৰ লগতে গুলী মৰাৰো ভয় দেখুৱায় ।

ভোটাৰক চাউল,টকা দিয়াৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতাই । এই সন্দৰ্ভত হাতিখুলি থানাত এজাহাৰ দাখিল কৰে বুলি মন্তব্য কৰে বিজেপিৰ প্ৰাথী নিৰঞ্জন হোজাই। লগতে তেওঁ কয় যে জিলা খনত এইবাৰ বিজেপীয়ে বিপুল ভোটত জয়ী লাভ কৰিব ।

আনহাত শুকুৰবাৰে পাহাৰীয়া জিলাখনৰ হাতিখুলি সমষ্টিত বিজেপিৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় । এই সভাত প্ৰায় দুহেজাৰৰ অধিক ৰাইজ উপস্থিত থাকে ।