ডিমা হাচাও

আজি ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ ভোটগণনা : ভাগ্য নিৰ্ণয় হ'ব বহু নেতাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ ভোটগণনা পৰ্ব সম্পন্ন কৰা হ'ব। নিৰ্ণয় হ'ব বহু নেতাৰ ভাগ্য।

শুকুৰবাৰে পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। ২৮ খন আসনবিশিষ্ট ৬গৰাকী প্ৰাৰ্থী জয়ী হৈছে বিনাপ্ৰতিদ্বন্দ্বিতাৰে।

২২টা সমষ্টিত অৱতীৰ্ণ হৈছিল ৮৬গৰাকী প্ৰাৰ্থী। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ কৰা হৈছে ভোটগণনা প্ৰক্ৰিয়া। দেবুলাল গাৰ্লোছা, নিৰঞ্জন হোজাইকে ধৰি আজি বহু নেতাৰ ভাগ্য নিৰ্ণয় হ'ব।