প্ৰতিনিধিত্বমূলক ফটো 
ডিমা হাচাও

জিলা প্ৰশাসনৰ নিৰ্দেশনা : ডিমা হাচাওত বন্ধ শিক্ষানুষ্ঠান...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ডিমা হাচাওত অৱ্যাহত আছে ভূমিস্খলনকে ধৰি ধুমুহা-বৰষুণ। পাৰ্বত্য জিলাখনত বিগত কেইবাদিন ধৰি প্ৰতিকূল বতৰে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। শংকিত হৈ পৰিছে পাৰ্বত্য জিলাখনৰ বাসিন্দা।

প্ৰতিকূল বতৰৰ বাবেই বৃহস্পতিবাৰে জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এক নিৰ্দেশনা। নিৰ্দেশনাত উল্লেখ থকা মতে আজিৰে পৰা পাৰ্বত্য জিলাখন সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পাহাৰীয়া জিলাখনত হোৱা ভূমিস্খলনৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। তদুপৰি ৰে’ল যোগাযোগো ব্যাহত হৈ পৰিছে।

মাইবাংত হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত লামডিং-শিলচৰৰ ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছে। আনহাতে বিয়লি ৪-০০বজালৈকে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা অভিমুখে যোৱা পথছোৱাত যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ কথা জানিব পৰা গৈছে।