ডিমা হাচাও

হাফলঙত প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন থিয়েটাৰ শিবিৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডিমা হাচাও জিলাত প্ৰথমবাৰৰ বাবে জিৰচং থিয়েটাৰ (জেটি)ৰ সহযোগত কিমদাউলা মিডিয়াৰ দ্বাৰা আয়োজন কৰা হয় সপ্তাহজোৰা গ্ৰীষ্মকালীন থিয়েটাৰ শিবিৰৰ। এই শিবিৰৰ সামৰণি অনুষ্ঠানত স্থানীয় শিল্পীসকলৰ দ্বাৰা হিন্দী আৰু ডিমাচা ভাষাত তিনিখন চুটি নাটক উপস্থাপন কৰা হয়।

কিমদাউলা মিডিয়াৰ হৈ স্বপ্না দাউলাগুপুৰ দ্বাৰা উপস্থাপন কৰা আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ সহযোগিতাত এই শিবিৰ ৩ৰ পৰা ৯ জুলাই ২০২৩লৈ অনুষ্ঠিত হৈছিল। ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই শিবিৰত এফটিআইআই পুনেৰ প্ৰাক্তন ছাত্ৰ কুলেন্দ্ৰ দাউলাগুপুৰ দ্বাৰা সমন্বিত আৰু নতুন দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামাৰ প্ৰাক্তন ছাত্ৰী ৰবিজিতা গগৈৰ পৰামৰ্শ অনুসৰি সম্পন্ন হয়।

এই শিবিৰৰ সামৰণি অনুষ্ঠানত কেইবাখনো নাটক উপস্থাপন কৰে অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলে। উল্লেখ্য শিবিৰত মুঠ ৩৭জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।