ডিমা হাচাও

উমৰাংছু'ত স্থাপন হ'বলগীয়া মাইনিং প্ৰজেক্টৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাটঃ ডিমা হাচাও জিলাৰ উমৰাংছুৰ আশে-পাশে নতুনকৈ নিৰ্মাণ হ'বলগীয়া মাইনিং প্ৰজেক্টৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্বি ছাত্ৰ সন্থাৰ। উমৰাংছু ১৯ কিলোস্থিত মাইনিং প্ৰজেক্ট কাৰ্যালয়ত আজি ধৰ্ণা দিয়ে প্ৰতিবাদকাৰীয়ে৷ এই প্ৰতিবাদী কাৰ্যসূচীত ভুক্তভোগী ৰাইজৰ লগতে কাৰ্বি ছাত্ৰ সন্থা, গাঁওবুঢ়া আৰু সামাজিক সংগঠনসমূহে অংশগ্ৰহণ কৰে।

বিভিন্ন সংগঠনসমূহে প্ৰজেক্টৰ মাটি অধিগ্ৰহণ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে অসম চৰকাৰ আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ ভূমিকাৰ প্ৰতি ক্ষুব্ধ হৈ সংগঠন সমূহে প্ৰতিবাদ কৰে ৷ চৰকাৰে উন্নয়নৰ নামত উমৰাংছুৰ আশে পাশে উদ্যোগ স্থাপন কৰি জনগোষ্ঠীসমূহৰ আৰু ৰাইজৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া বুলি ৰাইজে অভিযোগ কৰে।

গৰম পানী পৰিষদীয় সমষ্টিত বসবাস কৰা কাৰ্বি জনগোষ্ঠীয় গাঁও সমূহৰ শিক্ষা, খোৱা পানী ব্যৱস্থা, ৰাস্তা পদুলি সমূহৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ ৷ সেয়ে উদ্যোগ স্থাপনৰ আগতে চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও সেয়া বাস্তৱ নহয় বুলি অভিযোগ কৰে ভুক্তভোগী ৰাইজে ৷