অসম

গহপুৰত অগ্নিকাণ্ড : জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহসহ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত চন্দামাৰী বঙালী গাঁৱত সংঘটিত হোৱা এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাত নিমিষতে জাহ যায় এটা কৃষক পৰিয়ালৰ বাসগৃহ। ঘটনাৰ বিৱৰণী অনুসৰি-বুধবাৰে পুৱা প্ৰায় ১০.৩০ বজাত গাঁৱখনৰ নিবাসী ধৰ্মকান্ত ছেত্ৰীৰ বাসগৃহত আকস্মিকভাৱে জুইৰ সূত্ৰপাত ঘটে। নিমিষতে জুইয়ে আগুৰি ধৰে বাসগৃহটোৰ চাৰিওকাষ। ফলত বিধ্বংসী জুইত জাহ যায় ৫ টা কোঠালীৰ ঘৰটোৰ লগতে সমস্ত বয়বস্তু, কাঠৰ আচবাব, কাপোৰ কানি, বাচন বৰ্তন, সা-সামগ্ৰী আদি। স্থানীয় ৰাইজৰ প্ৰচেষ্টাত পিছলৈ জুই প্ৰশমিত হয় যদিও তেতিয়ালৈ সম্পূৰ্ণ ৰূপে জাহ যায় সাধাৰণ কৃষক ধৰ্মকান্ত ছেত্ৰীৰ বাসগৃহটো।

স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিছিল যদিও গহপুৰৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হওঁতে প্ৰায় ডেৰঘণ্টা লাগিল। তাকো যিখন গাড়ী আহিছিল সেইখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীত নাছিল সম্পূৰ্ণ পানী। উক্ত অগ্নিকাণ্ডৰ ফলত ধৰ্মকান্ত ছেত্ৰীৰ ৫টা কোঠালীৰ বাসগৃহটো জুইত জাহ যোৱাৰ উপৰিও প্ৰায় চাৰিটোলা সোণ, নগদ ২০ হাজাৰ টকা, গুটী ধান ২০ বেগ, ফ্ৰীজ, ৱাছিং মেছিং, ফেন, বিভিন্ন প্ৰয়োজনীয় নথি-পত্ৰ,বেংক আৰু মাটিৰ কাগজ পত্ৰ আদি নিমিষতে ভস্মীভূত হয়।

চকুৰ প্ৰচাৰতে এনেদৰে সকলো হেৰুৱাই এতিয়া চকুলোৰে বাট নেদেখা হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে। স্থানীয় ৰাইজে দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰী ভাৱে উপযুক্ত সাহায্য প্ৰদানৰ দাবী উথাপন কৰি এইক্ষেত্ৰত বিশ্বনাথ জিলাৰ আয়ুক্ত আৰু গহপুৰ মহকুমাৰ মহকুমাধিপতিৰ উপযুক্ত পদক্ষেপ কামনা কৰিছে। বিহালী বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই পৰিয়ালটোক পুনঃসংস্থাপনৰ ক্ষেত্ৰত উপযুক্ত কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাৰে বাট চাইছে স্থানীয় ৰাইজে। বৈদ্যুতিক শ্ব'ৰ্ট শ্বাৰ্কিতৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও এই বিষয়ে কোনো নিশ্চিত হ'ব পৰা নাই।