অসম

গৰুৰ চোৰাং কাৰবাৰক লৈ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াক জিলা বিজেপিৰ সম্পাদকৰ লিখিত অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : বাংলাদেশলৈ সৰবৰাহ হোৱা গৰুৰ চোৰাং কাৰবাৰ বন্ধ কৰিবলৈ ৰাজ্যত বিজেপি চৰকাৰে গো সুৰক্ষা আইন সংশোধন কৰিছে। ২০২১ চনত সংশোধন কৰা অসম গো সংৰক্ষণ আইনখন এতিয়া ধোৱাচাঙত উঠিছে।

সংশোধনী আইন মতে, এখন জিলাৰ পৰা আন এখন জিলালৈ পশুধন সৰবৰাহ কৰাৰ ক্ষেত্ৰত বিভাগীয়ভাৱে অনুমতি লোৱাটো বাধ্যতামূলক। একেদৰে প্ৰতিটো গৰুৰ কাণত আধাৰ টেগ নম্বৰ থকাটোও বাধ্যতামূলক কৰিছে চৰকাৰে।

কিন্তু এনেবোৰ নীতি-নিয়মক জলাঞ্জলি দি ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মাজত প্ৰতিদিনে শ শ গৰু বাংলাদেশলৈ সৰবৰাহ হৈ আহিছে। এই বিস্ফোৰক অভিযোগ কৰিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সম্পাদক আমানুৰ উদ্দীন আহমেদে।

উল্লেখযোগ্য যে, আৰক্ষীক মেনেজ কৰি চোৰাং ব্যৱসায়ীসকলে সপ্তাহত দুদিন ধুবুৰী জিলাৰ ফকিৰগঞ্জ সপ্তাহিক বজাৰ আৰু গোৱালপাৰা জিলাৰ জলেশ্বৰ সপ্তাহিক বজাৰৰ পৰা বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলালৈ শ শ গৰু সৰবৰাহ কৰা হয়। দিনৰ পোহৰতে সৰবৰাহকাৰীসকলে ৰাজপথেৰে গৰুসমূহ দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ ধেনাৰকুটি আৰু বালাডোবা এলেকাত থকা ব্ৰহ্মপুত্ৰৰ পাৰত জমা কৰে।

ধেনাৰকুটি আৰু বালাডোবা এলেকাত গৰুসমূহ নাওত উঠাই দক্ষিণ শালমাৰাৰ পাটাকাটালৈ নি বিভিন্ন ঠাইত জমা কৰে। ইয়াৰ পাচত নিশা এন্ধাৰৰ সুযোগ বুজি পুনৰ নাওভৰ্তি কৰি ব্ৰহ্মপুত্ৰৰে গৰুসমূহ বাংলাদেশলৈ সৰবৰাহ কৰা হয় বুলি বিজেপিৰ জিলা সম্পাদকজনে দাবী কৰিছে।

গৰুৰ কাণত টেগ নথকাৰ লগতে কোনোধৰণৰ অনুমতি অবিহনে গৰুসমূহ এখন জিলাৰ পৰা আন এখন জিলালৈ নিয়া হয় বুলি আমানুৰে অভিযোগ তুলিছে। গৰু সৰবৰাহৰ কথা আৰক্ষীক অৱগত কৰিলে কৃষকে হাল বোৱাৰ বাবে বজাৰৰ পৰা গৰু কিনি চৰাঞ্চালত নাওযোগে নিয়াটো কোনো নতুন কথা নহয় বুলি আৰক্ষীয়ে অভিযোগকাৰীক ওলোটা বুজনি দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।

প্ৰশ্নৰ বিষয় এয়া যে, বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলাত কৃষকৰ বাবে প্ৰতি সপ্তাহত শ শ গৰু হালবোৱাৰ বাবে প্ৰয়োজন হয় নেকি ? নে কৃষকৰ দোহাই দি গো-মাফিয়াসকলে আৰক্ষীক মেনেজ কৰি সপ্তাহত দুদিন শ শ গৰু বাংলাদেশলৈ সৰবৰাহ কৰিছে ? বিষয়টোক লৈ বিজেপিৰ জিলা সম্পাদক জনে ইতিমধ্যে দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াক এখন লিখিত অভিযোগ দাখিল কৰিছে।

লক্ষণীয় যে, দক্ষিণ শালমাৰাৰ টুমনি এলেকাৰ বাসিন্ধা তথা ভাৰতীয় গো সুৰক্ষা বাহিনীৰ ৰাজ্যিক সম্পাদক সাহেৰ আলীয়েও দক্ষিণ শালমাৰাত চলি থকা গৰুৰ চোৰাং কাৰবাৰক লৈ বিস্ফোৰক অভিযোগ তুলিছে । সৰিয়হৰ ডুলিতে যদি ভূত থাকে, সেই ভূত খেদাব কোনে বুলি প্ৰশ্ন কৰাৰ লগতে আৰক্ষী গৰুৰ চোৰাং কাৰবাৰত জড়িত থকাৰ অভিযোগ আনিছে সাহেৰ আলীয়ে।