ছাত্ৰীক যৌন নিৰ্যাতন চলাই নিলম্বিত হ'ল চিকিৎসক।
হোমিঅ'পেথিক কলেজৰ চিকিৎসক ডাঃ তীৰ্থ দ্যুতি চৌধুৰীক নিলম্বন।
ডাঃ তীৰ্থ দ্যুতি চৌধুৰীক নিলম্বন অসম চৰকাৰৰ স্বাস্থ্যশিক্ষা আৰু গৱেষণা বিভাগৰ ।
অৰ্গেন অব মেডিচিন বিভাগৰ ৰীডাৰ আছিল বিতৰ্কিত চিকিৎসকগৰাকী।
নগাঁৱৰ অসম হোমিঅ'পেথিক কলেজত তেওঁ কৰ্মৰত হৈ আছিল যদিও কলেজখন গুৱাহাটীৰ পাঞ্জাবাৰীৰ ছহিদ যাদৱ নাথ হোমিঅ'পেথিক কলেজ আৰু হাস্পতালৰ সৈতে চামিল কৰা হৈছিল এবছৰ পূৰ্বে।
চিকিৎসকগৰাকীয়ে কলেজৰ দুগৰাকীকৈ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত তেওঁক তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰা হৈছে।
অসম চৰকাৰৰ 451122/182-A নম্বৰৰ মেম'যোগে চিকিৎসকগৰাকীক নিলম্বন।