অসম

বিশিষ্ট সাহিত্যিক ড০ সুখ বৰুৱাৰ বিয়োগত ভিন ভিন দল-সংগঠনৰ শোক প্ৰকাশ

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভাপতি, মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন অধ্যক্ষা, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা প্ৰাপক, সাহিত্যিক পেন্সনাৰ ড০ সুখ বৰুৱাৰ বিয়োগত ভিন-ভিন দল-সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰে। এক শোক বাৰ্তাত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- 'নাৰী শিক্ষাৰ ক্ষেত্ৰত ড০ বৰুৱাই অগ্ৰণী ভূমিকা লৈছিল। সমাজৰ সকলো স্তৰৰ মানুহৰ স'তে আছিল সদভাৱ, সদপ্ৰীতি। মফছলৰ লেখিকাসকলক আগবঢ়াই নিয়াৰ বাবেও অহোপুৰুষাৰ্থ কৰিছিল।'

বিশিষ্টা লেখিকা-শিক্ষাবিদ ড০ সুখ বৰুৱাৰ বিয়োগত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, পৰিষদৰ অসম প্ৰদেশ কমিটিৰ প্ৰাক্তন সচিব প্ৰধান কমল কলিতা, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নাথ সাহিত্য সভাৰ সভাপতি ড০ হৰ কুমাৰ নাথ, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষী সিনহা, নতুন সাহিত্য পৰিষদৰ কাৰ্যলয় সম্পাদক ভৱ ডেকা আদিয়ে শোক প্ৰকাশ কৰে।

তদুপৰি বিশিষ্ট কবি-গীতিকাৰ শচীন দাস, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰী, আহ্বায়ক অৱনী ৰঞ্জন পাঠক, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, বৰাক উপত্যকাৰ শিলচৰৰ বয়োজ্যেষ্ঠ লেখিকা মঞ্জু‌ সিনহা, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ অধ্যক্ষ মদন দাস, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং" আদি ভিন-ভিন দল-সংগঠনেও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।