অসম

ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব ড০ ৰবি কোটা

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসমৰ পৰৱৰ্তী মুখ্য সচিব হ'ব ড০ ৰবি কোটা। অহা ৩১ মাৰ্চত অৱসৰ ল'ব বৰ্তমানৰ মুখ্য সচিব পৱন বৰঠাকুৰে। পৱন বৰঠাকুৰৰ স্থলাভিষিক্ত হ'ব ড০ কোটা।

১৯৯৩ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ড০ ৰবি কোটা। বৰ্তমান গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছে তেওঁ। আনহাতে ৰাজ্যৰ প্ৰশাসনৰো কিছু সালসলনি কৰা হৈছে।

আই এ এছ ৰবিশংকৰ প্ৰসাদক মুখ্য আবাসিক আয়ুক্ত হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। বিষয়াজনক অসম চৰকাৰৰ বন আৰু পৰিৱেশ,ভূমি সংৰক্ষণ বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে। এ পি ডি এলৰ অধ্যক্ষ হিচাপে দায়িত্ব আই এ এছ চৈয়দ্দিন আব্বাচী, কৈলাশ চান্দ চামাৰীয়াক মীন বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব প্ৰদান কৰা হ'ব।

অবিনাশ পুৰুষোত্তম দাসক গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে বদলি কৰা হৈছে। ড০ প্ৰতিবান্দুলা অশোক বাবুক অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত আৰু সচিব হিচাপে নিযুক্ত কৰা হ'ব।

আনহাতে বিশ্বজিৎ পেগুক অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে বদলি কৰা হৈছে। আবকাৰী বিভাগৰ আয়ুক্ত হিচাপে অতিৰিক্ত দায়িত্ব জিতু দলেক প্ৰদান কৰা হৈছে।