অসম

“ৰ'দঘাই বেবেজীয়া” ৰ চতুৰ্থ বাৰ্ষিক পূৰ্ণাংগ নাট মহোৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যসম্ৰাট পদ্মশ্ৰী এইচ কানহাইলালৰ প্ৰকল্প “Nature - Lore” ৰ আৰ্হিত অসমত প্ৰয়াত “বাদুংদ্যুপ্পা” ৰ জৰিয়তে বিশিষ্ট নাট্যশিল্পী, অভিনেতা,পৰিচালক তথা সাংস্কৃতিক সংগঠক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই আৰম্ভ কৰিছিল নাট উপস্থাপনৰ এক ব্যতিক্ৰম ধাৰা ৷ গোৱালপাৰা জিলাৰ অগিয়া ৰামপুৰ গাঁৱত তেওঁ “আণ্ডাৰ দা ছাল ট্ৰি” শীৰ্ষক নাট্য মহোৎসৱৰ অনুষ্ঠিত কৰি ৰাজ্যৰ সাংস্কৃতিক জগত চহকী কৰি থৈ যোৱাই নহয়, সম্পূৰ্ণ এক মনোৰম প্ৰাকৃতিক পৰিৱেশত নাট পৰিৱেশন কৰি ব্যতিক্ৰমী নাট্য আন্দোলনৰ সূচনা কৰিছিল ।

নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাই অসমত জন্ম দি থৈ যোৱা সেই ব্যতিক্ৰমী আৰু বিশ্ব বিৰল নাট্যধাৰৰ অনুকৰণত নগাঁও জিলাৰ বেবেজীয়াৰ মুকলি পথাৰৰ ভৰপূৰ এক প্ৰাকৃতিক পৰিৱেশত শব্দ আৰু পোহৰবিহীন ভাৱে শনিবাৰৰ পৰা ৩, ৪ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব চতুৰ্থ বাৰ্ষিক ৰ’দঘাই বেবেজীয়াৰ নাট মহোৎসৱ ৷

তদুপলক্ষে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়া জুৰীয়া নামঘৰৰ সমীপৰ যান্ত্ৰিকতাৰ পৰা আতৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰায় দুশমিটাৰ নিলগৰ মুকলি আকাশৰ তলত পথাৰৰ এক সম্পূৰ্ণ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত শব্দ আৰু পোহৰ বিহীন পূৰ্ণাংগ নাট মহোৎসৱটি চতুৰ্থ বাৰৰ বাবে আৰম্ভ কৰাৰ প্ৰয়াস কৰা হৈছে ৷

“ৰ’দঘাই বেবেজীয়া” ৰ মুকলি পথাৰত ৩ আৰু ৪ ফেব্ৰুৱাৰী এই দুয়োটা দিনতে নাট্যপ্ৰেমী দৰ্শক ৰাইজে লোকাৰণ্য হৈ পৰাৰ আশা প্ৰকাশ কৰিছে ৰ’দঘাই বেবেজীয়াৰ নাট্য মহোৎসৱৰ সভাপতি আৰু সম্পাদক প্ৰমূখ্যে উদ্যোক্তা মণ্ডলীয়ে ।

প্ৰথম দিনাৰ কাৰ্যসূচীত দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিতব্য নাটক ৰ’দঘাই বেবেজীয়াৰ নিবেদন “ বিৰিখৰ বিক্ষোভ”, পুৰণিগুদাম ৰঙ্গালয়ৰ নিবেদন “নীলা নীলা নীলাম্বৰ”, ছেংৰালি ক্ৰিয়েটৰছ হাব, সোণাপুৰৰ নিবেদন "কৰ্দৈসিৰীয়া পাহাৰৰ সাধু", কটনীয়ান নাট্য সমাজ, গুৱাহাটীৰ নিবেদন "কথা বিষম", শতাব্দী, নগাঁৱৰ নিবেদন "ড্ৰয়িং ৰূম", অৰিহণা নাট্য গোষ্ঠী, নগাঁৱৰ নিবেদন "বিয়লি বেলিৰ জঁট লগা চুলি, নিবেদন নগাঁৱৰ নিবেদন "মই এটি দিনৰ জোনাকী", জ্যোতিশিল্প নগাঁৱৰ নিবেদন "ত্ৰাহি দেৱ দামোদৰ" এইকেইখন নাট মঞ্চস্থ হ'ব ৷

সম্পূৰ্ণ বিনামূলীয়া প্ৰৱেশৰ সুবিধাৰে দুয়োদিনৰ এই নাট মহোৎসৱত সকলো নাট্য প্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্ত ভাৱে কামনা কৰিছে ৰ’দঘাই বেবেজীয়াৰ নাট মহোৎসৱ সমিতিয়ে ৷