অসম

ঢকুৱাখনাত ড্ৰাগছসহ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ বিভিন্ন গ্ৰাম্যাঞ্চলত ভয়াবহ ড্ৰাগছৰ এক নিষিদ্ধ বেহা মুকলি ভাবেই চলি আহিছে।  মহকুমাটোৰ গ্ৰাম্যাঞ্চলৰ যুৱ প্ৰজন্মক এই নিষিদ্ধ নিচাৰ জালত পেলাই এক অশুভ চক্ৰই এক মাৰাত্মক বেহা চলাই আহিছে সুদীৰ্ঘ দিন ধৰি। 

তেনে এক চক্ৰই বৃহস্পতিবাৰে সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত  কেঁকুৰী  কঠালগুৰি অঞ্চলত মাৰাত্মক ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত ৰাইজে ক্রেতা আৰু বিক্রেতা সহ ৩ জনক আটক কৰে । ৰাইজে সংবাদ মাধ্যমক জনোৱা মতে  কেঁকুৰী কঠালগুৰি অঞ্চলৰ  মেঘ নাথ দলেৰ পুত্ৰ  গোবিন্দ দলে (৩২)য়ে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ২ নং থেকেৰাগুৰি গাঁওৰ বিপিন টাৱৰ  পুত্ৰ কপিল টাৱ (২৪) , বকুলগুৰী গাঁওৰ শশী কান্ত দলেৰ পুত্ৰ বুধিন দলে (২৪)ক নিষিদ্ধ ড্ৰাগছ বিক্ৰীৰ বাবে মাতি আনি বিক্ৰীৰ চেষ্টা কৰিছিল।

এনে সময়তে স্থানীয় ৰাইজে উক্ত ড্ৰাগছ সৰৰাহকাৰী জনৰ লগতে ক্রেতা সকলক হাতে লোটে ধৰে। ৰাইজৰ হাতত ধৃত তিনি যুৱকক পাছত সোনাৰী চাপৰি আৰক্ষীক অৱগত কৰি চমজাই দিয়ে । ৰাইজৰ উপস্থিতিত আৰক্ষীয়ে মুঠ ৫ টা কনটেইনাৰ  ৬ গ্ৰাম ,৬২ মিলিগ্ৰাম আৰু টেমা বিহীন ভাবে ১ গ্ৰাম ৪ মিলি গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰি থানালৈ আনে। ড্ৰাগছ সৰবৰাহকাৰী গোবিন্দ দলেয়ে জনোৱা মতে গুৱাহাটীৰ পৰা আনিছিল এইখিনি নিষিদ্ধ ড্ৰাগছ ।

পাছত গ্ৰাহক সকলক ২০০০ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল । এই সময়তে বৃহস্পতি বাৰে কেঁকুৰী কলেজৰ ওচৰত বিক্ৰী কৰি থকা অৱস্থাতে ৰাস্তাত ৰাইজে ধৰি সোনাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ চন্দ্ৰ বড়োক অৱগত কৰে । পাছত ঢকুৱাখনা সদৰ থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া দীনেশ মেধিৰ সহযোগত ঘটনা স্থলীত উপস্থিত হৈ তিনি আটকাধীন যুৱক সকলক উদ্ধাৰ কৰে। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক গোচৰ পঞ্জীভূত হৈছে ।