অসম

ড্ৰাগছসহ দুই গভাইত চোৰক আটক চাৰিদুৱাৰ আৰক্ষীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰা আৰু চাৰিদুৱাৰৰ ৰাইজৰ নিদ্ৰাহৰণ কৰা এটা গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় চাৰিদুৱাৰ আৰক্ষীয়ে।চোৰটোৰ নাম আকাশ দৰ্জী।

চোৰটোৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰো উদ্ধাৰ কৰে আৰক্ষীয়ে।বিগত কিছুদিন ধৰি চাৰিদুৱাৰ বালিপৰাৰ বিভিন্ন অঞ্চলৰ নামঘৰ মন্দিৰ মছজিদত চোৰ কৰি উপদ্ৰৱ চলাই ৰাইজৰ নিদ্ৰাহৰণ কৰি আছিল চোৰটোয়ে।

ইতিমধ্যে অঞ্চলটোৰ প্ৰায় ১০০ তকৈ অধিক নামঘৰ মন্দিৰৰ পৰা বহু মূল্যৱান সামগ্ৰী চুৰি কৰি তাণ্ডৱৰ সৃষ্টি কৰি আহিছিল। আৰক্ষীয়ে চোৰটোক সোধাপোচা কৰাৰ পিচতে তেজপুৰৰ এখন কাৱাৰী দোকান আৰু নামঘৰৰ পৰা চোৰ কৰা কিছু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।পিচত চোৰ আকাশ দৰ্জীৰ সহযোগী নৰবু টাছী নামৰ আন এজন চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।