অসম

লামডিঙত ড্ৰাগছ সহ গ্ৰেপ্তাৰ ৪ জন...

বৃহস্পতিবাৰে নিশা লামডিঙত পুনৰ লামডিঙ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিং: ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে ৰেল নগৰী লামডিং। বৃহস্পতিবাৰে নিশা লামডিঙত পুনৰ লামডিঙ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷

লামডিঙৰ অলিয়ে গলিয়ে এতিয়া সুলভ হৈ পৰিছে ড্ৰাগছ ৰূপী বৰবিহৰ সেৱন তথা সৰৱৰাহ ৷ নিশা ব্ৰাউন চুগাৰ সহ চাৰিজন ব্যক্তি আৰক্ষীৰ জালত ৷

লামডিঙৰ গংগা পথৰ এটা বাসগৃহত অভিযান চলাই কাৰায়ত্ব কৰে চাৰিওজনকে৷ আটক কৰা চাৰিজনব্যক্তি ক্ৰমে জয়দ্বীপ ওৰফে বাপ্পী, সঞ্জয় ভট্টাচাৰ্য, পিযুছ মজুমদাৰ আৰু সন্তোষ পাল ৷

তেওঁলোকৰ পৰা আৰক্ষীয়ে প্ৰায় ৩০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ৷ লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেত্বত পুনৰ লামডিঙত এই ড্ৰাগছৰ বিৰুদ্ধে অভযান চলিছিল ৷