অসম

ডিলাই আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,বোকাজানঃ বোকাজান মহকুমা আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। ডিলাই আৰক্ষীৰ জালত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী আটক।

দেওবাৰে পুৱা এক বিশেষ সূত্ৰৰ ভিত্তিত ডিলাই নিয়মীয়া তালাচীত ডিমাপুৰ দিশৰ পৰা আহি থকা এখন AS11U 2693 নম্বৰৰ এখন বাহনত অভিযান চলাই আৰক্ষীয়ে। এই অভিযানত ৪৫টা চাবোনৰ বাকচত ৫১৯.৬৮ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে এই সন্দৰ্ভত নগাঁও জিলাৰ মুছিদূল ইছলাম আৰু আজিবুৰ ৰহমান নামৰ দুটাক আটক কৰি জেৰা অব্যাহত ৰাখিছে। জব্দকৃত ড্ৰাগছখিনি বজাৰ মূল্য ২ কোটি মান হ'ব বুলি অনুমান কৰিছে।