অসম

নগাঁৱৰ পৰা কেৰেলালৈ হেৰোইন সৰবৰাহ

asomiyapratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ পৰা কেৰেলালৈ সৰবৰাহ হয় হেৰোইন ৷ এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে আৰক্ষীৰ অভিযানত ৷ নগাঁও সদৰ থানাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত উদ্ধাৰ হৈছে বাছ আস্থানৰ পৰা ড্ৰাগছ ৷

নগাঁও আৰক্ষীয়ে গোপন সুত্ৰ পম খেদি নগাঁও চহৰৰ ধিঙ গেইটত থকা মৈৰাবাৰী ট্ৰেভেল এজেঞ্চিত অভিযান চলাই ৷ এই অভিযানৰ সময়ত এজেঞ্চিটোৰ কাউন্টাৰৰ পৰা দুটি বস্কত ভৰাই থোৱা হেৰ'ইন খিনি উদ্ধাৰ কৰা হয় ৷

এটা বেগত হেৰ'ইন বক্স দুটা উদ্ধাৰ কৰাৰ লগতে কেবাখনো আধাৰ কাৰ্ডো আৰক্ষী উদ্ধাৰ কৰে ৷ অৱশ্যে আৰক্ষীয়ে কোনো লোকক ঘটনাৰ সন্দৰ্ভত কৰায়ত্ব কৰা নাই ৷ মঙ্গলবাৰৰ আৰক্ষীৰ অভিযানৰ সময়ত কাউন্টাৰটোত কোনো লোক নাছিল ৷ স্থানীয় লোকে বাছকাউন্টাৰটো বন্ধ কৰি দিয়াৰ দাবী জনাইছে ৷