অসম

গৰাখহনীয়া! ভয়াবহ বিপদৰ আশংকাত ত্ৰস্তমান আঠখন গাঁৱৰ ৰাইজ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঘিলামৰাঃ জলসম্পদ বিভাগে বিজ্ঞানসন্মত ভাৱে কাম নকৰাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে ঘিলামৰাৰ প্ৰায় আঠ খন গাঁৱৰ কৃষিজীৱী ৰাইজ। সোমবাৰে ঘিলামৰা বালিয়নী গাঁৱৰ ৰাইজে নিজা উদ্যোগত বাঁহৰ স্পাৰ দি গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হয়।

ৰাইজৰ মতে দক্ষিণ-বাংক্লেং সংযোগী পথৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰৰ জলসম্পদ বিভাগে চামপৰা নদীত দুটাকৈ চেনেল কাটিং কৰে। চামপৰা নদীৰ বাঁওকাষে দক্ষিণ- বাংক্লেং সংযোগী পথৰ পকী দলঙৰ তললৈকে চেনেল কাটিং কৰাৰ ফলত আগন্তুক বাৰিষাৰ বাঢ়নী পানীৰ তীব্ৰ সোঁত বালিয়নী গাঁৱৰ সীমাত থকা ঢেকেৰুডোঙা বিলত প্ৰত্যক্ষ ভাৱে পৰিব আৰু পূৰ্বতে বাঢ়নী পানীয়ে সৃষ্টি কৰা দুটা অংশৰ গৰাখহনীয়াত এইবাৰ ভয়াবহ ভাৱে প্ৰভাৱ পৰিব।

বালিয়নী, ৰাইদঙীয়া, ভকত গাঁও, লামোগাঁও, দক্ষিণ, শিয়ালমাৰি, ব্লকমুখ, মাজগাঁও আদি গাঁৱৰ কৃষিজীৱী লোকৰ শ শ বিঘা কৃষি ভূমি বাঢ়নী পানীয়ে বিধ্বস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। সমাগত বাৰিষাৰ বাঢ়নী পানীয়ে যাতে উক্ত কৃষিভূমি বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে ৰাইজে আজি বাঁহৰ স্পাৰ দি চামপৰা নদীৰ তীব্ৰ গতিৰ সোঁত বাধাপ্ৰাপ্ত কৰাৰ প্ৰয়াস কৰিছে। ঢেকেৰুডোঙা বিলৰ দুয়োপাৰে ওখ ওখ কৈ দুটা মথাউৰি নিৰ্মাণ কৰিলে আঠখন গাঁৱৰ কৃষক সকলৰ শস্যৰ পথাৰ বানপানীৰ কৱলৰ পৰা ৰক্ষা পৰিব বুলি ৰাইজে জানিবলৈ দিছে।