অসম

শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানঃ উপস্থিত থাকিব প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা মানৱ অধিকাৰৰ অন্যতম অগ্ৰণী প্ৰবক্তা অধ্যাপক শৰৎ মহন্তৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি অহা ১ মে'ৰ দিনা অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ উদ্যোগত অষ্টম বাৰৰ বাবে আয়োজন কৰা হৈছে অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান। প্ৰণিধানযোগ্য যে, ১৯৩৭ চনৰ পহিলা মে'ত শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰৰ এটি সংস্কৃতিৱান পৰিয়ালত জন্ম গ্ৰহণ কৰা অধ্যাপক শৰৎ মহন্তৰ বিগত ২০১৩ চনৰ ১৮ জুনত পৰলোকপ্ৰাপ্তি ঘটে।

শিৱসাগৰ কলেজৰ বুৰঞ্জী বিভাগত প্ৰায় ৩৩ বছৰৰো অধিক কাল অধ্যাপনা কৰি মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা অধ্যাপক শৰৎ মহন্তই প্ৰায় চাৰি বছৰ কাল অসম মানৱ অধিকাৰ আয়োগৰ সন্মানীয় সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যু পৰ্যন্ত চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰা অধ্যাপক শৰৎ মহন্তই দুটা দশকৰো অধিক কাল সাংবাদিকতাও কৰিছিল। অলেখ তত্ত্বগধুৰ চিন্তাশীল প্ৰৱন্ধ-পাতি লিখা মহন্তই কেইবাখনো গ্ৰন্থ‌ও ৰচনা কৰিছিল।

উল্লেখ্য যে, অহা ১ মে'ৰ বিয়লি ৫:৩০ বজাত গুৱাহাটীস্থ ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়‌ প্ৰেক্ষাগৃহত আয়োজিত অষ্টম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা প্ৰদান কৰিব দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সন্মানীয় সদস্য ড° শমিকা ৰৱিয়ে।

অসমৰ সন্মানীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলগীয়া উক্ত বক্তৃতানুষ্ঠানত 'এ চেকুলাৰ ডেম'ক্ৰেচী ইন প্ৰেকটিচ'(A Secular Democracy in Practice) শীৰ্ষক বিষয়ত মূল বক্তৃতা প্ৰদান কৰিব বিশিষ্ট অৰ্থনীতিবিদ ড° শমিকা ৰৱিয়ে। উক্ত বক্তৃতানুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তাসকলে সকলোৰে প্ৰতি আহ্বান জনাইছে।