অগপৰ প্ৰতিষ্ঠাপক নেতা, প্ৰাক্তনমন্ত্ৰী থানেশ্বৰ বড়ো অসুস্থঃ অসম চৰকাৰে ল'লে চিকিৎসাৰ দায়িত্ব... 
অসম

অগপৰ প্ৰতিষ্ঠাপক নেতা, প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো অসুস্থঃ অসম চৰকাৰে ল'লে চিকিৎসাৰ দায়িত্ব...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৰ্ষীয়ান ৰাজনীতিবিদ থানেশ্বৰ বড়ো গুৰুতৰভাৱে অসুস্থ। আঞ্চলিকতাবাদী এইগৰাকী নেতা বিগত সময়ছোৱাত অসমৰ ৰাজনীতিৰ পৰা প্ৰায় সন্ন্যাস লোৱাৰ দৰেই।

ৰাজনৈতিক চৰ্চাৰ পৰা বহু দূৰত অৱস্থান কৰা থানেশ্বৰ বড়ো শেহতীয়াকৈ তেওঁৰ অসুস্থতাৰ বাবে চৰ্চালৈ আহিছে। অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতা তথা প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰত কেইবাটাও বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা থানেশ্বৰ বড়ো বিগত কেইবা বছৰ ধৰি বৃক্ক, মধুমেহ, উচ্চ-ৰক্তচাপ আৰু হৃদৰোগত আক্ৰান্ত হৈ আছে।

তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ৰঙিয়াৰ স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই।

চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ চিকিৎসাৰ সকলো ব্যয় চৰকাৰৰ ফালৰ পৰা বহন কৰিব বুলি জনাইছে। উল্লেখ্য যে, চিকিৎসালয়খনত ভৰ্তি কৰোৱাৰ পাছতে তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল যদিও আজি তেওঁৰ স্বাস্থ্য কিছু উন্নত হৈছে।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জনোৱা অনুসৰি চৰকাৰে প্ৰয়োজনত থানেশ্বৰ বড়োৰ শুশ্ৰূষাৰ বাবে কেয়াৰ টেকাৰৰ ব্যৱস্থা কৰিব বুলিও জনাইছে। স্মৰ্তব্য যে, ৰঙিয়া সমষ্টিৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়ো ১৯৮৫ৰ পৰা ১৯৯০ চনলৈকে অগপ চৰকাৰৰ পৰিকল্পনা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী আছিল। ইয়াৰ পাছত  ১৯৯৬ ৰ পৰা ২০০১ লৈকে শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল।