অসম

ৰঙিয়াত নকল সোণ, জাল নোটসহ ৫ ব্যৱসায়ীক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া আৰক্ষীয়ে শুকুৰবাৰে নিশা ষ্টেচন ৰোডৰ পৰা ৫জন লোকক গ্ৰেপ্তাৰ কৰে । ধৃত লোককেইজন বিহপুৰীয়াৰ চাহিদুল ইছলাম, নাওবৈছাৰ চফিকুল ইছলাম, লালুকৰ অবু তাহেৰ, বৰপেটা মাজৰগাওঁৰ আন্নাছ আলী আৰু মহকলীৰ আব্দুল মালেক বুলি আৰক্ষী সূত্ৰই জনায় ।

ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চহৰখনৰ ৰেলৱে ষ্টেচনৰ সমীপৰ সুভম হোটেলত এক অভিযান চলাই ধৃত চোৰ কেইটাক হাতে লোটে আটক কৰিবলৈ সক্ষম হয় । ইফালে ধৃত চোৰকেইটাৰ পৰা আৰক্ষীয়ে ৬ টা মোবাইল ফোন, এখন নকল সোণৰ নাওঁ, এটা সন্দেহজনক নকল টকাৰ বান্দিলৰ লগতে এখন মাৰুতি চুইফট বাহন জব্দ কৰে। আনহাতে ৰঙিয়া থানাত অধিক তথ্যৰ বাবে সোধা পোচা অব্যাহত ৰাখি পিছত চোৰকেইটাক জেল হাজোতলৈ প্ৰেৰণ কৰে ।