অসম

কৃষি উৎপাদন আৰু ব্যৱসায় বৃদ্ধি সন্দৰ্ভত আলোচনা চক্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বৰবৰুৱাঃ "উদ্যোগ অবিহনে কৃষি উন্নতি অসম্ভৱ" এই কথা সৰোগত কৰি শনিবাৰে ডিব্ৰুগড়ৰ বগীবিলস্থিত ইক ৰিজৰ্টত এখনি গুৰুত্ব পূৰ্ণ আলোচনা চক্ৰ অনুস্থিত হৈ যায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলক একত্ৰিতকৰণ কৰি কৃষি উৎপাদনৰ লগতে কৃষি ব্যৱসায়ৰ ওপৰতো বিশেষ ভূমিকা লোৱা "কৃষক বন্ধু" ফেচবুক গ্ৰুপৰ জৰিয়তে অনুস্থিত কৰা "চিক্ৰেটছ অৱ বিছনেছ গ্ৰথ " শীৰ্ষক আলোচনা অনুস্থানত শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তুৰ পৰা অহা কৃষকসকলে অংশ লয়।

উদ্যোক্তা "কৃষক বন্ধুৰ " বৰ্ণালী শৰ্মা বৰুৱাৰ তত্বাৱধানত আয়োজিত অনুস্থানত বিশেষ ব্যক্তি হিচাপে শনিবাৰে উপস্থিত থাকি কৃষকসকলক কৃষি উৎপাদনৰ লগতে কৃষি ব্যৱসায়ৰ যোগেদি কিদৰে উন্নয়নৰ ভুমিকা কৃষকসকলে ল'ব পাৰে সেই সন্দৰ্ভত অৱগত কৰে ক্ৰমে মেণ্টৰ হেমাংগ কিশোৰ দত্ত আৰু অৰিজিত শৰ্মাৰ লগতে চিফ চাইণ্টিছ তথা বগীবিল ইক ৰিজৰ্টৰ স্বত্তাধিকাৰী ড°প্ৰদীপ শইকীয়াই।