অসম

ঘূৰ্ণী বতাহ ‘ৰীমাল’ৰ প্ৰভাৱ :  আজি আৰু কাইলৈ হ’ব ধুমুহা-বৰষুণ !

Asomiya Pratidin

ডিজিটেল ডেস্ক : ঘূ্ৰ্ণী বতাহ ‘ৰীমাল’কলৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত সতৰ্কতা জাৰি কৰাৰ পাছতে অসমতো জাৰি কৰা হৈছে সতৰ্কবাণী। অসমৰ কেইবাখনো জিলাত ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰিছে সতৰ্কবাণী।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি সোমবাৰ আৰু মঙলবাৰে নামনি অসমৰ কেইবাখনো জিলাত প্ৰবল ধুমুহা আৰু বৰষুণ অহাৰ সম্ভাৱনা আছে। জিলা কেইখন হ’ল- নলবাৰী, তামুলপুৰ, ধুবুৰী, বঙাইগাঁও, নগাঁও, মৰিগাঁও, বৰপেটা, কাৰ্বি আংলং আদি।

বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰামতে উল্লেখিত জিলাকেইখনত ৰীমালৰ প্ৰভাৱ বাৰুকৈয়ে পৰাৰ সম্ভাৱনা আছে। ফলত প্ৰবল ধুমুহা আৰু বৰষুণ আহিব পাৰে। ইয়াৰোপৰি চিৰাং, গোৱালপাৰা, বাক্সা আদি জিলাত ৰেড্ এলাৰ্ট জাৰি কৰা হৈছে।

অনাকাঙ্খিত দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগ সাজু হৈ উঠিছে। সাম্ভাব্য দুৰ্যোগৰ বাবে বিভাগে অগ্নি আৰু আপদকালীন বিভাগ তথা এন ডি আৰ এফক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে ৰীমালৰ প্ৰভাৱৰ বাবে প্ৰশাসনে সোমবাৰ আৰু মঙলবাৰ এই দুয়োটা দিনত ব্ৰহ্মপুত্ৰত ফেৰী চলাচল বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি উল্লেখিত দুয়োটা দিনত ব্ৰহ্মপুত্ৰত চলাচল কৰিব নোৱাৰিব ফেৰী। ইয়াৰোপৰি ব্ৰহ্মপুত্ৰ তথা ইয়াৰ উপনৈসমূহত মাছ ধৰা কাৰ্যতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

আনহাতে ঘূৰ্ণী বতাহ ৰীমালৰ বাবে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ কৰ্তৃপক্ষইও জাৰি কৰিছে এক নিৰ্দেশনা। গুৱাহাটীৰ পৰা কলকাতা অভিমুখে উৰা মাৰিব লগা সকলো বিমান সাময়িক সময়ৰ বাবে বাতিল কৰিছে।