অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পঞ্চম কাজিৰঙা পক্ষী গণনা আৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ২০২২-২৩ বৰ্ষৰ পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া।বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বোম্বে নেচাৰেল হিষ্টী ছ'চাইটিৰ সহযোগত এই পঞ্চম জলচৰ পক্ষী গণনা সম্পন্ন হ'ব।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত চলা এই পঞ্চম কাজিৰঙা পক্ষী গণনাত উদ্যান খনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ১১৮ টা জলাশয় সামৰি লোৱা হৈছে। মহাৰাষ্ট্ৰ, মেঘালয়কে ধৰি বিভিন্ন প্ৰান্তৰ পক্ষী বিশেষজ্ঞৰ উপস্থিতিত তিনি শতাধিক গণনাকাৰী পক্ষী গণনা প্ৰক্ৰিয়াত নিয়োজিত কৰা হৈছে। উল্লেখযোগ্য যে ২০২১-২২ বৰ্ষত কাজিৰঙাৰ ৫২টা জলাশয়ত চলোৱা গণনা প্ৰক্ৰিয়াত ১২২ টা প্ৰজাতিৰ মুঠ ৯৩,৪৫১টা জলচৰ পক্ষী চিনাক্ত কৰা হৈছিল। ৰাষ্ট্ৰীয় উদ্যানখনত আজি পুৱাৰে পৰা আৰম্ভ হোৱা এই ২০২২-২৩ বৰ্ষৰ পঞ্চম গণনা প্ৰক্ৰিয়াৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ - ছাত্ৰীৰ লগতে পক্ষী বিশেষজ্ঞ সকলক নিয়োজিত কৰা হৈছে।

২০১৮-১৯ বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা প্ৰথমটো গণনাত ১১ হাজাৰ ৫০০ পক্ষী থকাৰ বিপৰীতে ২০২১-২২ বৰ্ষত হোৱা চতুৰ্থ গণনাত ১৯ হাজাৰ ২২৫ টা পক্ষী থকাৰ তথ্য পোৱা গৈছে। ভাৰতবৰ্ষৰ অন্যতম পক্ষী পর্যবেক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্রাপ্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বহুলাংশে ঘাঁহনি আৰু জলাশয়ৰে গঠিত।

উল্লেখযোগ্য যে, অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে পৰিভ্ৰমী চৰাই আহে ৰাষ্ট্ৰীয় উদ্যানখনলৈ। মধ্য এছিয়ান, পূব এছিয়ান আৰু অস্ট্রেলিয়ান উৰণ পথৰে তিব্বত, মংগোলীয়া, ৰাছিয়া, চাইবেৰিয়া, লাডাখৰ লগতে নাতিশীতোষ্ণ অঞ্চলসমূহৰ পৰা পৰিভ্ৰমী চৰাইৰ জাক প্ৰতিবছৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ চৰিবলৈ আহে।