অসম

বৰপুত্ৰৰ বিয়াৰ যোজাৰ মাজতে অগ্নিকাণ্ডঃ সকলো পুৰি চাৰখাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা ডিগাৰুৰ ঘগুৱা গাঁৱত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। গাঁৱখনৰ সন্ধ্যা ডেকাৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। অহা দেওবাৰে অনুষ্ঠিত হ'বলগীয়া বৰপুত্ৰৰ বিয়াৰ বাবে মানুহ নিমন্ত্ৰণ কৰিবলৈ যোৱাৰ সময়তে স্বৰ্টচাৰ্কিটৰ ফলতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো।

ঘৰত কোনো নথকাৰ ফলতেই সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ঘৰখনৰ লগতে সকলো সা-সামগ্ৰী। অগ্নিকাণ্ডৰ ঘটনাটোক লৈ সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। পৰবৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ঘৰখন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়।