অসম

ভাৰত-ভূটান সীমান্তত ভয়ংকৰ অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰৰ ভূটান সীমান্তৰ শুকানজুলি পাহাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত পাহাৰত জুইৰ লেলিহান শিখা পাহাৰখন আগুৰি ধৰে। ইপিনে জুইৰ লেলিহান শিখাৰ ভয়াবহ ৰূপ দেখি পাহাৰৰ নামনিত থকা গেৰেজ লাইন আৰু এন কে দৰংগাত ৰাইজৰ মাজত হাহাকৰ লাগে। সন্ধিয়াৰ পৰা আৰম্ভ হোৱা অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰি ভূটান আৰক্ষী, দৰংগামেলা আৰক্ষী আৰু কুমাৰীকাটা বনবিভাগৰ দল আহি জুইৰ লেলিহান শিখা নুমুৱাবলৈ সক্ষম হয়।

আনহাতে তামুলপুৰ জিলা সদৰৰ পৰা অগ্নিনিৰ্বাপক ৱাহীনিৰ দল আহে যদিওঁ পাহৰত সংঘটিত হোৱা বাবে গাড়ী উঠাব নোৱাৰত সমস্যাত পৰিছে অগ্নিনির্বাপন বাহিনী। শুকানজুলি পাহাৰত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত পাহাৰৰ জুইয়ে তললৈ নামি অহাত আতংকিত পাহাৰৰ নামনি থকা কেবাটাও পৰিয়াল।

তামুলপুৰ আৰু ভূটানৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে যদিও পাহাৰত অগ্নিনির্বাপন বাহিনীৰ গাড়ী যাব নোৱাৰাৰ ফলত অগ্নি নিৰ্বাপন কৰিব পৰা নাই। ঘটনা সংক্ৰান্তত এন কে দৰংগা আৰু গেৰেজলাইনত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।