অসম

জোনাইত বিধ্বংসী অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জোনাইৰ কেমি জেলম গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঐৰামঘাটত গোপাল ছেত্ৰীৰ নামৰ ব্যক্তিজনৰ বাসগৃহত সোমবাৰে নিশা প্ৰায় ৪.৩০ বজাত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। জানিব পৰামতে ব্যক্তিজনৰ দোকান গৃহৰ মুধৰ পৰা জুইৰ সূত্ৰপাত হয় সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডটো। এই অগ্নিকাণ্ডত ব্যক্তিজনৰ দোকানসহ পাগঘৰটো সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ যায় ৷ ফলত লোকজনৰ লক্ষাধিক টকাৰ সা সম্পত্তি জুই সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে বিদ্যুতৰ তাঁৰত ছৰ্টচাৰ্কিট হৈ দোকান খনৰ মুধচৰ খেৰত লাগি যোৱা ফলত জুইৰ সূত্ৰপাত হয় বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইফালে স্থানীয় ৰাইজে জুই নুমাবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও জুই নুমাবলৈ সক্ষম নহ'ল। পিছত জোনাই অগ্নিনিৰ্বাপক বাহিনী আৰক্ষী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়৷