অসম

ধনশিৰিৰ বৰপথাৰ নগৰত বিধ্বংসী অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰৰ ১০নং ৱাৰ্ডত শনিবাৰে দুপৰীয়া প্ৰায় ১১-৩০ বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। উক্ত অগ্নিকাণ্ডৰ ফলত এটা পৰিয়াল সৰ্বস্বান্ত হোৱাৰ বাতৰি পোৱা গৈছে।

জানিব পৰা মতে শনিবাৰে ৱাৰ্ডটোৰ ঝণ্টু পাল নামৰ লোকজনৰ যৌথ পৰিয়ালটোৰ লোকসকল বিভিন্ন কামত ব্যস্ত থকাৰ সময়তে তেখেতৰ বাসগৃহত এক শব্দ হোৱাৰ লগে লগে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলতেই আজিৰ দুৰ্ঘটনাটো সংঘটিত হয়। অগ্নিকাণ্ডটোৰ ফলত পৰিয়ালটোৰ সকলো নথি, আ-অলংকাৰ, কাপোৰ কানি, আচবাব আদিকে ধৰি কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। পিছত স্থানীয় লোকৰ সহযোগত জুই বহু পৰিমাণে নিয়ন্ত্ৰিত হয় যদিও পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে সম্পূৰ্ণ ৰূপে অগ্নি নিৰ্বাপন কৰে।