AGRANI KHABAR  
অসম

দুটা দশকৰ পাছত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ সৈতে নাগালেণ্ডত প্ৰথমটো পৌৰ নিৰ্বাচন‌

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজান : প্ৰায় দুটা দশকৰ পাছত অহা ২৬ জুনত অনুষ্ঠিত হ’বলগীয়া নাগালেণ্ডৰ তিনিখন পৌৰসভা আৰু ১২খন নগৰ পৰিষদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত কমেও ৪৭খন আসনৰ বাবে প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত ঘোষণা কৰা হৈছে। মঙলবাৰে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সময়সীমা শেষ হোৱাৰ লগে লগে নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ (এনডিপিপি)ৰ পাঁচজন প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দ্বিতাৰে ক'হিমা পৌৰসভালৈ নিৰ্বাচিত হয়।

বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছে ১ নং ৱাৰ্ড কেলহাউজেনুও ক্ৰুওমো, ২ নং ৱাৰ্ডৰ এভিলি ৰিঅ’, ৮ নং ৱাৰ্ডৰ থেজাভিজো ফিলিপ ছ’লো , ১১ নং ৱাৰ্ডৰ নেইবোজেলি ছ’লো , আৰু ১৫ নং ৱাৰ্ড ৰ কেটুচি খামো। একেদৰে মোককচুং পৌৰসভাৰ ১৮টা ৱাৰ্ডৰ ভিতৰত ৫টা ৱাৰ্ডত জয়লাভ কৰিছে এনডিপিপিয়ে প্ৰাৰ্থীয়ে ।

বিনা প্ৰতিদ্বন্দ্বিতামূলক বিজয়ীসকলৰ ভিতৰত আছে লিজাবা লিজেন ৱাৰ্ডৰ ৱাবাং কিচু, পেনলি ৱাৰ্ডৰ ৱালুনিলা, আলেম্পাং ৱাৰ্ডৰ মাওংতুলা লংচাৰ, আওংজা ৱাৰ্ডৰ ইমটিয়াপাং, আৰু ডিলং ৱাৰ্ডৰ ইমকংচুবা এ। ডিমাপুৰ পৌৰসভাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কুহোই জিমোৱে প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে।

ইফালে ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি এই নিৰ্বাচনত মুঠ ৭৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ সৈতে নাগালেণ্ডত অনুষ্ঠিত হোৱা এইটোৱেই হৈছে প্ৰথমটো পৌৰ নিৰ্বাচন। ২৯ জুনত ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ’ব।