অসম

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সবিশেষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত কেইটামান ঘন্টা বাকী। ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। অসমত ৩ টা পর্যায়ত অনুষ্ঠিত হ'বলগীয়া নির্বাচনৰ শুকুৰবাৰে ৫ টা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। কাজিৰঙা, লখিমপুৰ,ডিব্ৰুগড়,যোৰহাট আৰু শোণিতপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব। তথ্য অনুসৰি শোণিতপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৬.২৫ লাখ লগতে ভোটগ্ৰহণ কেন্দ্ৰ ১৮৭৮ টা। অসমৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নেতৃত্বত ইতিমধ্যে প্ৰস্তুতি সম্পূর্ণ কৰিছে নিৰ্বাচন আয়োগে ৷

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ মাজতে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জ্য়েষ্ঠ কংগ্ৰেছ নেতা গৌৰৱ গগৈ এই নিৰ্বাচনৰ আকৰ্ষণীয় প্ৰতিদ্বন্দী। আনহাতে,নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰতিদ্বন্দী হৈছে বিজেপি নেতা ৰঞ্জিত দত্ত। প্ৰকাশিত তথ্য অনুসৰি তেওঁৰ মুঠ সম্পত্তি ৮.৯৭ কোটি টকা। ইয়াৰে স্থাৱৰ সম্পত্তি ৫.৫২ কোটি আৰু অস্থাৱৰ সম্পত্তি ৩.৪৫ কোটি।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১০,০০১ টা লগতে মুঠ ভোটাৰৰ সংখ্যা ৮৬.৪৭ লাখ। ইয়াৰে মহিলা ভোটাৰ ৪৩,৯৩,৫১২ গৰাকী, ৮৫ বছৰৰ উৰ্ধৰ ভোটাৰ ৪২০০০ গৰাকী, ১০০ বছৰৰ উৰ্ধৰ ভোটাৰ ১৫০০ গৰাকী আৰু শাৰিৰীকভাৱে অক্ষম ভোটাৰ ৫৮০০০ গৰাকী। নিৰ্বাচনৰ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ ২১৯ টা। উল্লেখ্যযোগ্য যে,৫৫০০ টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ বাবে ইতিমধ্য়ে চিচি টিভি কেমেৰাৰ ব্য়ৱস্থা কৰা হৈছে। লগতে মুঠ ১০,০০১ টা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী প্ৰক্ৰিয়া নিৰিক্ষণৰ বাবে ১১০০০ টা চিচি টিভি কেমেৰা স্থাপন কৰিছে।

নিৰ্বাচনত লোকসভাৰ ৩ গৰাকী সাংসদ ক্ৰমে প্ৰদান বৰুৱা, গৌৰৱ গগৈ আৰু তপন গগৈ প্ৰতিদ্বন্দী হিচাপে সাজু হৈছে। লগতে ৰাজ্যসভাৰ ২ গৰাকী সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰ্বানন্দ সোণোৱালেও প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ইতিমধ্যে প্রত্যেকটো লোকসভা সমষ্টিতে বিষয়সমূহ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছে নিৰ্বাচনী বিষয়াসকলে।