লাওখোৱাত বন কৰ্মীৰ গুলীত নিহত চোৰং মাছমৰীয়াঃ নিহতৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী... 
অসম

লাওখোৱাত বন কৰ্মীৰ গুলীত নিহত চোৰং মাছমৰীয়াঃ নিহতৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী...

ঘটনা কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মীৰ গুলীত দুজনকৈ চোৰাং মৎস্য ব্যৱসায়ী নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শুকুৰবাৰে নিশা অভয়াৰণ্যখনৰ চৰাইহাগী বন শিবিৰ এলেকাত সংঘটিত হৈছে এই ঘটনা।

বন কৰ্মীৰ গুলীত নিহত দুই ব্যক্তিৰ নাম জলিলউদ্দিন আৰু ছমিৰউদ্দিন। দুয়ো সম্পৰ্কত ভায়েক, ককায়েক। জুৰীয়াৰ ধিংবৰি চাপৰি গাঁৱৰ বাসিন্দা জলিলউদ্দিন আৰু ছমিৰউদ্দিনৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়াও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।

আনহাতে বন বিভাগে নিহত দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিশাই নগাওঁ চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে। জানিব পৰা মতে নিশা এই দুই ব্যক্তিয়ে ৰৌমাৰী বিলত চোৰাঙকৈ মাছ ধৰিবলৈ গৈছিল।

তেতিয়াই সংঘটিত হয় এই কঠিত এনকাউণ্টাৰ ঘটনা। এই ঘটনাক কেন্দ্ৰ কৰি যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে সমগ্ৰ অঞ্চলটোত মোতায়েন কৰা হৈছে যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী।

ইফালে বন কৰ্মীৰ এনকাউণ্টাৰত এইদৰে দুই যুৱক নিহত হোৱা ঘটনাত প্ৰতিক্ৰয়া প্ৰকাশ কৰিছে অসম সংখ্যালঘু সংগ্রাম পৰিষদে। পৰিষদে এই এনকাউণ্টাৰক ভুৱা আখ্যা দিছে।

তেওঁলোকৰ মতে ঘটনাৰ পিছত কোনো উচ্চ পদস্থ বিষয়া নিহতৰ পৰিয়ালৰ কাষত উপস্থিত হোৱা নাই। যেতিয়ালৈকে কোনো উচ্চপদস্থ বিষয়া নিহতৰ পৰিয়ালৰ কাষত গৈ উপস্থিত নহয় তেতিয়ালৈকে নিহত দুয়োৰে জানাজা সম্পন্ন কৰা নহ’ব। ইয়াৰোপৰি তেওঁলোকে গুলীবিদ্ধ হৈ নিহতৰ আত্মীয়লৈ ১০ লাখকৈ টকাৰ আৰ্থিক ক্ষতিপূৰণৰো দাবী উত্থাপন কৰিছে।