বাঢ়িছে নেতাৰ চুপতি কমা নাই বান পীড়িতৰ দুখ, দুৰ্গতি... 
অসম

বাঢ়িছে নেতাৰ চুপতি কমা নাই বান পীড়িতৰ দুখ, দুৰ্গতি...

আজিও ২৬ খন জিলাৰ ৯০ টা ৰাজহ চক্ৰ আছে পানীৰ তলত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বান পৰিস্থিতিক লৈ ৰাজনৈতিক নেতাৰ চুপতি অব্যাহত আছে। গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই অসমত বানপানীৰ পৰিৱৰ্তে বান সদৃশ পৰিস্থিতি দেখাৰ দৰেই আন আন ৰাজনৈতিক নেতাই অসমৰ বান পৰিস্থিতিক লৈ ৰাজনৈতিক চুপতি অব্যাহত ৰাখিছে।

অখিল গগৈয়ে কেন্দ্ৰই অসমৰ বান পৰিস্থিতিক গুৰুত্বহীন কৰাৰ লগতে পৰ্যাপ্ত বান সাহায্যৰ পৰাও বঞ্চিত কৰাৰ অভিযোগ তথ্যসহকাৰে ফাদিল কৰাৰ পাছত মন্ত্ৰী পীযুষ হাজৰিকাই দাবী কৰিছে কংগ্ৰেছৰ তুলনাত বিজেপি চৰকাৰে বান পানী নিয়ন্ত্ৰণ আৰু মথাউৰি নিৰ্মাণৰ নামত বহু ধন ব্য়য় কৰিছে।

কংগ্ৰেছে বছৰি মাত্ৰ ২৫০ কোটি টকা বান নিয়ন্ত্ৰণ, মথাউৰি নিৰ্মাণত ব্যয় কৰাৰ বিপৰীতে বিজেপি চৰকাৰে বছৰি ২০০০ কোটি টকা খৰচ কৰিছে। তাৰোপৰি কেন্দ্ৰই বান নিয়ন্ত্ৰণৰ বাবে ৫০০০ কোটি টকা ঋণ দিছে। ইয়াৰে ১০ শতাংশহে ৰাজ্য চৰকাৰে পৰিশোধ কৰিব লাগিব।

ৰাজ্যৰ বান পৰিস্থিতিক লৈ এইদৰে চুপতি আৰু বিতৰ্ক অব্যাহত আছে যদিও বান পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই। ৰাজ্যত এতিয়াও ২৬ খন জিলাত বানপানী অব্যাহত আছে। ৰাজ্যৰ এই ২৬ খন জিলাৰ ২৭৭৯ খন গাওঁ এতিয়াও আছে বানপানীৰ কৱলত।

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰিয়েই ৯ জুলাই, ২০২৪ মঙ্গলবাৰ দিনটোত ৰাজ্যৰ মুঠ ২৬ জিলাৰ ৯০ টা ৰাজহ চক্ৰৰ বিস্তৰ এলেকা বানপানীৰ কৱলত আছে। আজিৰ দিনটোত বানপীড়িত লোকৰ সংখ্যা ১৭ লাখ ১৭ হাজাৰ ৫৯৯ জন। সেইদৰে এতিয়াও বানপানীৰ তলত আছে ৩৯ হাজাৰ, ৮৭০.৩ হেক্টৰ কৃষি ভূমি।

ৰাজ্যত আজিৰ দিনটোত ২৪০ টা আশ্ৰয় শিবিৰ সক্ৰিয় হৈ আছে। এই আশ্ৰয় শিবিৰত ৪৮ হাজাৰ ২১ গৰাকী লোকে আশ্ৰয় লৈ আছে। চৰকাৰী তথ্য অনুসৰিয়েই আজিলকৈ মুঠ ৭৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।