অসম

চৰকাৰক শিল্পী পেঞ্চনৰ আহ্বান লোকবাদ্য শিল্পী মেঘো বর্মনৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,হাজোঃ 'জীৱনৰ ৪০টা বসন্ত মই কালি বাদ্য বজাই আহিছো। চৰকাৰে যদি মোক শিল্পী পেন্সন নিদিয়ে তেন্তে কাম দিব?'- এই মন্তব্য হাজোৰ দিহিনা গাঁৱৰ লোকবাদ্য শিল্পী মেঘো বর্মনৰ। শিল্পী গৰাকীৰ অসহায় আৰ্তনাদে প্ৰতিজন লোকৰ চকু সেমেকাই তুলিব।

খাদ্য,বস্ত্ৰ,বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে লোক সংস্কৃতি সাধক গৰাকীয়ে। ওৰে জীৱন কালি বজাই জীৱন-নিৰ্বাহ কৰি থকা মেঘো বৰ্মনৰ শৰীৰেও এতিয়া হাৰ মানিছে। আৰ্থিক সংকটে জুৰুলা কৰা শিল্পীগৰাকীয়ে ইতিমধ্যে কেইবাবাৰো শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিছে যদিও আজিলৈকে এই ক্ষেত্ৰত কোনো সুদুত্তৰ পোৱা নাই।

শিল্পী পেঞ্চনটো দূৰৰ কথা শিল্পী হিচাপে চৰকাৰে সামান্য সন্মানো নিদিয়াত আজি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে মেঘো বৰ্মনে। উল্লেখযোগ্য যে, অসমৰ থলুৱা সংস্কৃতিৰ লগত জড়িত শিল্পী সকলক যদি চৰকাৰে গুৰুত্ব নিদিয়ে তেন্তে মেঘো বৰ্মনৰ দৰে প্ৰতিজন লোক সংস্কৃতিৰ সাধকে কেৱল হুমুনিয়াহ কৰিব লাগিব সেয়া নিশ্চিত।

শেষত সংবাদ মাধ্যমক উদ্দেশ্যি তেওঁ কয় যে, "এতিয়া আৰু মোৰ এই বাদ্য বজাবলৈ দেহত মুঠেই শক্তি নাই।এইটো বজোৱা বন্ধ কৰিলে মোৰ পৰিয়ালটো কোনে চোৱা-চিতা কৰিব? চৰকাৰে যদি মোক পেঞ্চন দিয়ে মোৰ যথেষ্ট উপকাৰ হব" বুলি আজি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে কালি শিল্পী মেঘো বৰ্মনে।