অসম

বিশিষ্ট শিল্পী দিগেন মহন্তৰ বিয়োগত প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰৰ শোক

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিশিষ্ট সংগীত শিল্পী তথা আকাশবাণীৰ প্ৰথম শ্ৰেণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী দিগেন মহন্তৰ বিয়োগত শোক প্ৰকাশ কৰিছে প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে। মালাকাৰে এক শোকবাৰ্তাত উল্লেখ কৰে যে "দিগেন মহন্তদেৱৰ দেহাৱসানৰ বাতৰি পাই মৰ্মাহত হৈছোঁ ।

নগাঁও জিলাত চাকৰি কৰি থকা অৱস্থাতে এই মহান শিল্পী গৰাকীৰ সান্নিধ্যলৈ আহিছিলোঁ । তেতিয়াৰে পৰা আমাৰ আছিল মধুৰ আৰু আন্তৰিক সম্বন্ধ । পৰবৰ্তী সময়ত এই সম্পৰ্ক ব্যক্তিগত আৰু ঘৰুৱা সম্পৰ্কলৈ পৰিণত হৈছিল ।

সুখ-দুখ, বিপদ -সম্পদৰ সময়ত আমাৰ ঘৰুৱা আহ-যাহ চলিছিল । অতি সৰল আৰু ৰসিক ব্যৱহাৰ আছিল তেখেতৰ চাৰিত্ৰিক ভূষণ ।মুক্ত হৃদয়ৰ মহন্ত ডাঙৰীয়া মনোজগত আছিল অহঙ্কাৰশূণ্য  । তেখেতে জীৱনৰ অধিকতৰ সময় অসমীয়া সংগীতৰ উত্তৰণৰ বাবেই উৎসৰ্গা কৰি গ'ল ।

মহন্তদেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ ,   বিদেহ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে সহধৰ্মীনী আৰু দুই পুত্ৰসহ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ জনালোঁ গভীৰ সমবেদনা ।"