অসম

অসম গ্ৰামীণ বিকাশ বেংকৰ গমিৰি শাখাৰ চুৰিকাণ্ডৰ ৪অভিযুক্তক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শইকীয়া নেতৃত্বাধীন হেলেম আৰক্ষীৰ এটা দলে যোৱা ৫ দিন পূৰ্বে এখন চুৰি গাড়ী সহ এজন গাড়ী চোৰক মাত্ৰ ডেৰ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ আৰক্ষী বিষয়া সঞ্জয় শইকীয়াৰ নেতৃত্বত চলোৱা আন এক অভিযানত গ্ৰেপ্তাৰ হৈছে বেংক চুৰি ঘটনাৰ লগত জড়িত ৪ জনকৈ গভাইত চোৰ।

গোৱালপাৰা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰি আজি পুৱা হেলেম আৰক্ষী থানালৈ লৈ অনা এই গভাইত চোৰ চাৰিটা হৈছে গোৱালপাৰা গোবিন্দপুৰৰ মফিদুল ইছলাম(৩০,পিতা:-ফজুৰ আলী),হানিফ আলী(৩৫,পিতা:-বুধু মিঞা),হাছেৰ আলী(২৬,পিতা:-ইদ্দিছ আলী) আৰু হাছিবিলৰ ওমৰ ফাৰুক(২০,পিতা:-আব্দুল আজিদ)।এই চোৰ চাৰিটাৰ নেতৃত্বতেই যোৱা ৯ জানুৱাৰীৰ নিশা প্ৰায় ২-১০ বজাত হেলেম আৰক্ষী থানাৰ অন্তৰ্গত অসম গ্ৰামীণ বিকাশ বেংকৰ গমিৰি শাখাত তলা চুৰি কাণ্ড সংঘটিত হৈছিল।

চিচি টিভিৰ তথ্য মতে-সেই দিনা নিশা প্ৰায় ২-১০ বজাত মূল দুৱাৰৰ তলা ভাঙি বেংক শাখাটোৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল চোৰৰ দলটোৱে। ইয়াৰে এজনে মুখ নৱন্ধাকৈ ভিতৰত প্ৰৱেশ কৰিছিল। এই মুখ নৱন্ধা চোৰটোৰ মুখাৱবৰ ভিত্তিত হেলেম আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰে বেংক চুৰি কাণ্ডৰে জড়িত চোৰ চাৰিটা।

জানিব পৰামতে-গমিৰি অঞ্চলত জল জীৱন মিছনৰ মিস্ত্ৰীৰ কাম কৰি আছিল এই চোৰ চাৰিটাই। ৯ জানুৱাৰীৰ নিশা বেংক শাখাটোত চুৰি কাণ্ড সংঘটিত কৰি পিছত তেওঁলোকে গোৱালপাৰালৈ পলায়ন কৰিছিল।এইক্ষেত্ৰত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শইকীয়াই যোৱা এসপ্তাহ ধৰি চলোৱা অভিযানৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ হয় চোৰ চাৰিটা।

ধৃত চোৰ চাৰিটাই তলা ভাঙি উক্ত বেংকৰ ভিতৰত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰিছে।তদুপৰি তেওঁলোকে বেংক শাখাটোৰ ভিতৰত থকা কেইবাটাও আলমীৰাৰ তলা ভঙাৰ লগতে লকাৰটোৰ তলা ভাঙিবলৈ চেষ্টা কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।আৰক্ষীয়ে তেওঁলোকে ব্যৱহাৰ কৰা এএছ ১৮ এম ২৯২২ নম্বৰৰ এখন ইক' স্পৰ্টছ গাড়ীও জব্দ কৰিছে।হেলেম আৰক্ষীৰ শেহতীয়া এই সাফল্যক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে।