অসম

হাওৰাঘাটৰ গৰখীয়া পুখুৰী গাঁৱত এদিনীয়া চকু চিকিৎসা শিবিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাঁৱত মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে চকুৰ চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় । এই চকুৰ চিকিৎসা শিবিৰত পাটনাৰ চকুৰ চিকিৎসক অমিত কুমাৰ আৰু নেপালৰ ৰেণু মাহাতুই গৰখীয়া পুখুৰী গাঁৱৰ বহুকেইগৰাকী লোকক চকুৰ ৰোগ পৰীক্ষা কৰে ।

চিকিৎসকে ৰোগীসকল বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে চকুৰ ঔষধো বিনামূলীয়াকৈ প্ৰদান কৰে। অৱশ্যে যিসকল চকুৰ ৰোগীৰ বাবে চছমাৰ প্ৰয়োজন হৈছে তেওঁলোকে মূল্য দি চছমা কিনিব লগীয়া হৈছে ।