অসম

জামুগুৰিহাটৰ বগাবিলত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ বগাবিলত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ বগাবিল বৰমতা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত গাঁওখনৰ নামঘৰ প্ৰাংগনত মংলবাৰে আয়োজিত বিনামূলীয়া চিকিৎসা শিবিৰটিত ভালেসংখ্যক লোকে অংল লয়।

শিবিৰটিত তেজপুৰ ERC হস্পিতালৰ চকুৰোগ বিশেষজ্ঞ ও চিকিৎসাকৰ্মীৰ দলে অঞ্চলটোৰ কেইবাশতাধিক ৰাইজৰ চকু পৰীক্ষা কৰে। ইয়াৰোপৰি বিনামূলীয়াকৈ ঔষধ পাতি বিতৰণ কৰাৰ লগতে প্ৰয়োজনীয় চশমাৰ বাবে বিধিপত্ৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, শিবিৰটিত গাওঁ প্ৰধান নন্দলাল শৰ্মা,গাওঁৰক্ষী বাহিনীৰ সম্পাদক কৃষ্ণ শৰ্মা,সভাপতি অৰুন চেত্ৰী,আৰু সমাজ কৰ্মী পদুম,চেত্ৰী চুৰেণ মুদি আদিকে ধৰি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰাৰ লগতে সহযোগিতা আগবঢ়ায় ৷