অসম

ভ্ৰাম্যমান জগতৰ বিশিষ্ট কৌতুক অভিনেতা গজেন চৌধুৰীৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভ্ৰাম্যমান জগতৰ বিশিষ্ট কৌতুক অভিনেতা গজেন চৌধুৰীৰ মৃত্যু।৩০ টা বছৰ ভ্ৰাম্যমান  থিয়েটাৰৰ লগত জড়িত আছিল কৌতুক অভিনেতাগৰাকী।

 দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা চৌধুৰী দেওবাৰে সন্ধিয়া শুৱালকুছিৰ নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৬০ বছৰ।

 ভ্ৰাম্যমান জগতত দৰ্শকক  হাঁহিৰ খোৰাক দিয়া গজেন চৌধৰীয়ে অসমৰ ১১ খনকৈ আগশাৰীৰ থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছিল। গজেন চৌধুৰী অভিনয় কৰা থিয়েটাৰ সমূহৰ ভিতৰত আছিল নটৰাজ, দেৱদাস, ভাগ্যদেৱী, ৰাজশ্ৰী, নয়নতৰা, মনালিছা,নন্দিনী, মাধৱদেৱ ,জ্যোতিদ্বীপা,অসমষ্টাৰ আৰু শংকৰদেৱ থিয়েটাৰ। শংকৰদেৱ থিয়েটাৰৰ মঞ্চত ১০ বছৰ ধৰি অভিনয় কৰিছিল গজেন চৌধুৰীয়ে । অভিনেতাগৰাকীৰ মৃত্যুত শোকৰ ছা পৰিছে ভ্ৰাম্যমান জগতত।